বৰপেটা, 1 জুনঃবৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত মইনবৰীত শ্লুইছ গেট নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ বৰপেটা মণ্ডলৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত 2017-18 বৰ্ষৰ পশ্চিম মইনবৰী তাৰাকান্দি পথত শ্লুইছ গেট নিৰ্মাণৰ বাবে চৰকাৰে প্ৰায় 73 লাখ টকা আবন্টন দিয়ে। 2019 বৰ্ষৰ 31 অক্টোবৰত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে উক্ত কামৰ উদ্ধোধনী কৰে যদিও আজিলৈ উক্ত শ্লুইছ গেটৰ কাম সম্পূৰ্ণ নোহোৱাত ক্ষোক্ষিত হৈ পৰিছে স্থানীয় লোক ।
ঠিকাদাৰ নয়ন জ্যোতি তালুকদাৰে শ্লুইছ গেটখনৰ কাম অতি লেহেমীয়া গতিত কৰাৰ লগতে নিম্ন মানৰ চিমেণ্ট,বালি মচলাৰে শ্লুইচ গেট বনোৱা বুলি অভিযোগ কৰি সোমবাৰে প্ৰতিবাদত নামি পৰে স্থানীয় লোকসকল । স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদৰ ছত্ৰছায়াত ঠিকাদাৰজনে দুৰ্নীতি অনিয়মৰ আশ্ৰয় লৈছে বুলিও স্থানীয় ৰাইজে অভিযোগ কৰে।