জনীয়া,2 জুলাইঃ সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে ৰূপসী ব্লক কংগ্ৰেছ কমিটিয়েও বিজেপি চৰকাৰৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে কলগাছিয়াস্থিত ৰূপসী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা সমদল উলিয়াই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায় আদি শ্লোগান দিয়ে ৷
মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ
সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে ৰূপসী ব্লক কংগ্ৰেছ কমিটিয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ বিজেপি চৰকাৰৰ এই মূল্য বৃদ্ধিয়ে জনসাধাৰণক বাৰুকৈয়ে মাধমাৰ সোধাইছে বুলি মন্তব্য কৰিছে প্ৰতিবাদকাৰীসকলে ৷
মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ প্ৰতিবাদ
পিছত প্ৰতিবাদকাৰী সকলে কলগাছিয়া চক্ৰ বিষয়াৰ জড়িয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। লক্ ডাউনৰ সময়ত বিজেপি চৰকাৰে প্ৰতি দিনাই পেট্ৰ'ল আৰু ডিজেল আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি জনসাধাৰণক বাৰুকৈয়ে মাধমাৰ সোধাইছে বুলি মত প্ৰকাশ কৰে। লগতে নিৰ্বাচনৰ সময়ত বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থ হোৱা বুলি কঠোৰ সমালোচনা কৰে কংগ্ৰেছ নেতৃত্বই।
লগতে পঢ়কঃচীনত ভাৰতীয় বাতৰিকাকত বন্ধ কৰাক লৈ ইণ্ডিয়ান নিউজপেপাৰ ছচাইটিৰ প্ৰতিক্ৰিয়া