অসম

assam

ETV Bharat / state

হাগ্ৰামা-হিমন্তৰ মাজৰ বাকযুদ্ধক নাটক আখ্যা এ‌আইইউডিএফ নেতৃত্বৰ - কংগ্ৰেছ

বৃহস্পতিবাৰে 20 নং মথনগুৰি পৰিষদীয় সমষ্টিত কংগ্ৰেছ সমৰ্থিত এ‌আইইউডিএফৰ প্ৰাৰ্থী ফাৰহাদ আলীৰ হৈ যৌথভাৱে নিৰ্বাচনী প্ৰচাৰ সম্পন্ন ৷ নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ-এআইিউডিএফৰ মিত্ৰজোঁটে দহখনৰো অধিক আসন লাভ কৰিব বুলি আশা প্ৰকাশ দুয়োটা দলৰ নেতৃত্বৰ ৷

congress aiudf meeting
কংগ্ৰেছ সমৰ্থিত এ‌আইইউডিএফৰ নিৰ্বাচনী প্ৰচাৰ

By

Published : Dec 4, 2020, 11:55 AM IST

বৰপেটাৰোড,4 ডিচেম্বৰ : বিটিচি পৰিষদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা দিন বাকী ৷ পৰিষদৰ ভিন্ন প্ৰান্তত ৰাজনৈতিক দলবোৰে দিনে নিশাই নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে 20 নং মথনগুৰি পৰিষদীয় সমষ্টিত কংগ্ৰেছ সমৰ্থিত এ‌আইইউডিএফৰ প্ৰাৰ্থী ফাৰহাদ আলীৰ হৈ যৌথভাৱে নিৰ্বাচনী প্ৰচাৰ চলায় দুয়োটা দলৰ ৰাজ্যিক নেতৃত্ব‌ই ।

কংগ্ৰেছ সমৰ্থিত এ‌আইইউডিএফৰ নিৰ্বাচনী প্ৰচাৰ

নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি বৰপেটা বিধানসভা সমষ্টিৰ প্রাক্তন বিধায়ক তথা কংগ্ৰেছী নেতা আব্দুল ৰহিম খানে বিপিএফ, বিজেপি আৰু ইউপিপিএল দলক কঠোৰভাৱে সমালোচনা কৰি কয় য়ে, ‘‘হাগ্ৰামা- হিমন্তৰ মাজত চলি থকা বাকযুদ্ধ এখন নাটকহে । দিল্লীয়ে বিজেপি-বিপিএফৰ মিত্ৰতা ভংগ কৰা নাই । বিজেপিয়ে এহাতে বিপিএফ আৰু আনহাতে ইউপিপিএলক ৰাখি জনতাক বুৰ্বক বনাব বিচাৰিছে । ভিতৰি তেওঁলোকৰ সকলো মিত্ৰতা চলি আছে । আমি ডবল ডিজিত পাম । বাকী সকলো দলে ছিংগল ডিজিত লাভ কৰিব’’ ।

লগতে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে সাংবাদিকৰ আগত কয় যে, ‘‘কংগ্ৰেছ-এ‌আইইউডিএফৰ মিত্ৰজোঁটে বিটিচিৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব । মিত্ৰজোঁটে দহখনৰো অধিক আসন লাভ কৰিব বুলি আমি আশাবাদী’’ ।

লগতে পঢ়ক :বৰাকৰ খহনীয়া ৰোধৰ বাবে মথাউৰি নিৰ্মাণৰ আধাৰশিলা স্থাপন বনমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details