বৰপেটা,3 জানুৱাৰী : নলবাৰী জিলাৰ দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল শইকীয়াৰ বিৰুদ্ধে এগৰাকী মহিলাই অশ্লীল ইংগিত দিয়াৰ অভিযোগ তুলি মুকালমুৱা থানাত দাখিল কৰিছে এজাহাৰ ৷ দৌলাশাল আৰক্ষী চকীৰ আৰক্ষী বিষয়া বাবুল শইকীয়াই দৌলাশাল গাঁৱৰ এগৰাকী মহিলাক বিগত কেইবামাহ ধৰি মানসিক নিৰ্যাতন চলাই অহাৰ লগতে অশ্লীল ইংগিত দিয়াৰ অভিযোগ তুলি ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায় বিচাৰি মুকালমুৱা আৰক্ষী থানাত দাখিল কৰিছে গোচৰ ৷
অভিযোগ অনুসৰি, এইগৰাকী বিবাহ বিচ্ছেদ হোৱা মহিলাক আৰক্ষী বিষয়া বাবুল শইকীয়াই দীৰ্ঘদিন ধৰি মানসিকভাৱে নিৰ্যাতন চলাই অহাৰ উপৰিও আৰক্ষী বিষয়া গৰাকীয়ে মহিলা গৰাকীক চৰকাৰী আৱাসলৈ মাতি নি বলপূৰ্বকভাৱে মহিলাগৰাকীক নিৰ্যাতন চলায় ৷
2007 চনৰ পৰা দৌলাশাল আৰক্ষী চকীলৈ অহা বিভিন্নজনৰ এজাহাৰ লিখি জীৱিকা নিৰ্বাহ কৰা ভুক্তভোগী মহিলাগৰাকীয়ে ফোনযোগে অভিযুক্ত আৰক্ষী বিষয়া গৰাকীয়ে তেওঁক চৰকাৰী আৱাসলৈ মাতি নিয়াৰ কথা উল্লেখ কৰে ৷ বিভিন্ন চলাহী কথাৰে হাৰাশাস্তি কৰি অহা বুলিও অভিযোগ তুলিছে মহিলাগৰাকীয়ে ।