অসম

assam

By

Published : Apr 17, 2021, 9:54 AM IST

ETV Bharat / state

কলগাছিয়াত ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা

কলগাছিয়াৰ হাছানপুৰত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা । মাৰপিটৰ ঘটনাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত তিনিগৰাকী লোক ৷ সংকটজনক অৱস্থাত আহত কেইজনক কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি ৷

clash-between-two-parties-in-kalgachia-3-injured
কলগাছিয়াত ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা

জনীয়া, 17 এপ্ৰিল :কলগাছিয়াৰ হাছানপুৰত শুকুৰবাৰে ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । এই মাৰপিটৰ ঘটনাত গুৰুতৰ ভাৱে আহত হয় তিনিগৰাকী লোক ৷

জানিব পৰা মতে, বালিকুৰী আৰক্ষী চকীৰ অন্তৰ্গত হাছানপুৰ গাঁৱৰ ফুলচান মিয়াৰ ভূমি পুতেক শহৰ আলীয়ে বিক্ৰী কৰে । যাৰ বাবে শুকুবাৰে সন্ধিয়া এক ৰাজহুৱা বিচাৰৰ আয়োজন কৰে ফুলচান মিয়াৰ আন এগৰাকী পুত্ৰ নবুৰ আলীয়ে । উক্ত ৰাজহুৱা বিচাৰৰ মাজতেই নবুৰ আলীৰ ফৈদে হাতে হাতে দা, লাঠী লৈ নিজ ভাতৃ শহৰ অলী, ভতিজা সোনাৰ উদ্দিন, খবুৰ উদ্দিন, সবুৰ উদ্দিন আৰু শহৰ অলীৰ পত্নী ছামিৰণ নেচাক আক্ৰমণ চলাই গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত কৰে । এই মাৰপিটৰ ঘটনাত শহৰ আলী, সোনাৰ উদ্দিন আৰু খবুৰ উদ্দিনৰ অৱস্থা সংকটজনক হোৱা বাবে কলগাছিয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

কলগাছিয়াত ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা

ইফালে ঘটনা সন্দৰ্ভত নবুৰ আলীৰ লগতে নুৰুল হক বালিকুৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ বাবে থানাত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে দুয়োকে আটক কৰে ।

লগতে পঢ়ক: এগৰাকীয় কৰ্মচাৰীয়ে কিয় ক’ভিড ৰোগীক মৰিবলৈ পৰামৰ্শ দিলে ?

ABOUT THE AUTHOR

...view details