পাঠশালা, 4 ছেপ্টেম্বৰ: অসমৰ নাট্যজগতৰ পুৰোধা ব্যক্তি তথা নাট্য সম্ৰাট চন্দ্ৰ চৌধুৰীক 35 তম মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয় ৷ যাত্ৰা সংস্কৃতিৰ পৰা ভ্ৰাম্যমান থিয়েটাৰ জগতলৈ নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰীৰ অৱদান অনৱদ্য l প্ৰয়াত ব্ৰজ শৰ্মাৰ ঘনিষ্ঠ সংগী তথা গীত মাত, নৃত্য অভিনয়, আদি সকলো দিশৰ পৰা পাৰদৰ্শী হৈ 'ওস্তাদ' খ্যাত চন্দ্ৰ চৌধুৰীৰ 35 তম মৃত্যুবাৰ্ষিকী উপলক্ষে তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যৰে শুকুৰবাৰে পাঠশালাত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায় ৷ উক্ত অনুষ্ঠানত পাঠশালাৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তি তথা ৰাইজ উপস্থিত থাকে l
নাট্য সম্ৰাট চন্দ্ৰ চৌধুৰীক 35 তম্ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি - 'ওস্তাদ' খ্যাত চন্দ্ৰ চৌধুৰী
যাত্ৰা সংস্কৃতিৰ পৰা ভ্ৰাম্যমান থিয়েটাৰ জগতলৈ নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰীৰ অৱদান অনৱদ্য l প্ৰয়াত ব্ৰজ শৰ্মাৰ ঘনিষ্ঠ সংগী তথা গীত মাত, নৃত্য অভিনয়, আদি সকলো দিশৰ পৰা পাৰদৰ্শী হৈ 'ওস্তাদ' খ্যাত চন্দ্ৰ চৌধুৰীৰ 35 তম মৃত্যুবাৰ্ষিকী উপলক্ষে তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যৰে শুকুৰবাৰে পাঠশালাত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায় ৷
নাট্য সম্ৰাট চন্দ্ৰ চৌধুৰীক 35তম মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি
পাঠশালা প্ৰেছ ক্লাৱ, আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়, আৰু চন্দ্ৰ চৌধুৰীৰ পৰিয়াল বৰ্গৰ সহযোগত আয়োজিত উক্ত অনুষ্ঠানত শুকুৰবাৰে কৃষ্ণ ৰয়, অচ্যুত লহকৰদেৱৰ পত্নী কিৰণ লহকৰ, ব্ৰজ শৰ্মা বঁটা প্ৰাপক শিল্পী দশৰথ দাসকে আদি কৰি বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত প্ৰয়াত নাট্যজগতৰ মহীৰূহ গৰাকীক মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনোৱা হয় l
লগতে পঢ়ক : ৰিয়া চক্ৰৱৰ্তীৰ সহযোগী চেমুৱেল মিৰাণ্ডাক আটক NCB ৰ