পাঠশালা, ২৮ মে': চিকিৎসালয়ৰ বিচনাত মৃত্যুৰে যুঁজিছে কণমানি পুত্ৰই । পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে পৰ্যাপ্ত ধন যোগাৰ কৰিব নোৱাৰি অসহায় হৈ পৰিছে পিতৃ-মাতৃ । বজালী জিলাৰ শিঙিমাৰী গাঁৱৰ কৃষ্ণ ৰয় আৰু বীণা ৰয়ৰ একমাত্ৰ পুত্ৰ নয়ন ৰয় কৰ্কট ৰোগত আক্ৰান্ত হৈ বৰ্তমান বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছে ।
বিগত বৰ্ষতে লকডাউনৰ সময়তে অসুস্থ হৈ পৰিছিল নয়ন ৰয় । তেতিয়াৰে পৰা নয়নৰ চিকিৎসা চলি আছিল যদিও অৱশেষত ধৰা পৰে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে । আৰ্থিক দুৰৱস্থাৰ বাবে এতিয়া কণমানি পুত্ৰৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা নাই পৰিয়ালটোৱে ।
সহায়ৰ বাবে কাতৰ আহ্বান কৰ্কট ৰোগত আক্ৰান্ত কণমানি নয়নৰ ইফালে, নয়নেও চিকিৎসালয়ৰ বিচনাৰ পৰাই ৰাইজক সহায়ৰ বাবে আহ্বান জনাইছে । জীয়াই থকাৰ হেঁপাহ আছে বুলি কৈ ৰাইজৰ পৰা সহায় বিচাৰিছে কণমানি নয়নে । নয়নৰ পিতৃয়ে দিন-হাজিৰা কৰি পৰিয়ালটো পোহপাল দি আছিল । এতিয়া পুত্ৰৰ দুৰাৰোগ্য অসুখ বিষয়ে জানিব পাৰি দুখত ভাগি পৰিছে পৰিয়ালটো । উপায়হীন হৈ পুত্ৰৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰি চৰকাৰৰ লগতে ৰাইজৰ ওচৰত আহ্বান জনাইছে নয়নৰ মাতৃ ।
আনহাতে, দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ অনুৰোধ জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা মৃদুল তালুকদাৰে । নয়নৰ মাতৃ বীণা ৰয়ৰ ভাৰতীয় ষ্টেট বেংকৰ একাউন্ট নম্বৰ-35956552376 আৰু IFSC Code-SBIN0002099ত আৰ্থিক সহায় আগবঢ়াৱলৈ বিনম্ৰভাৱে আহ্বান জনাইছে পৰিয়ালটোৱে ।
লগতে পঢ়ক:জোনাইৰ বান-গৰাখহনীয়া অঞ্চল পৰিদৰ্শন ভূৱন পেগুৰ