অসম

assam

ETV Bharat / state

হাউলীত দিন-দুপৰতে লুটিলে দুই লক্ষাধিক টকা

যুৱকজনে কিছুসময়ৰ বাবে মানসকন্যা ধাবাৰ সমীপৰ এখন গ্ৰীলৰ দোকানত সোমায় ৷ কিন্তু গ্ৰীলৰ দোকানৰ পৰা উভতি আহি বিল্লাল হুছেইন নামৰ যুৱকজনে গাড়ীৰ গ্লাছ ভাঙি থকা প্ৰত্যক্ষ কৰি টকাৰ মোনাখন বিচাৰ-খোচাৰ কৰে যদিও দুৰ্বৃত্তই ধনখিনি লৈ উধাও হোৱা বুলি নিশ্চিত হয় ৷

By

Published : May 20, 2019, 7:49 PM IST

Updated : May 20, 2019, 8:00 PM IST

হাউলীত দিন-দুপৰতে লুটিলে দুই লক্ষাধিক টকা

সৰভোগ, 20 মে': বৰপেটাৰ হাউলীত দিন দুপৰতে ধন লুট ৷ দুৰ্বৃত্তই এখন এল্ট' গাড়ীৰ গ্লাছ ভাঙি লুটি লৈ যায় 2 লাখ 18 হাজাৰ ৷
সোমবাৰে হাউলীৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা মানস কন্যা ধাবাৰ সন্মুখত সংঘটিত হয় এই ঘটনা ৷ বাক্সাৰ ৰাঘববিল গাঁৱৰ বিল্লাল হুছেইন নামৰ যুৱকজনে বৰপেটাৰোডৰ ষ্টেট বেংকৰ পৰা ধনখিনি উলিয়াই হাউলী অভিমুখে ৰাওনা হয় ৷ AS28A3720 নম্বৰৰ এল্ট' গাড়ীখনেৰে গৈ থকা অৱস্থাত যুৱকজনে কিছুসময়ৰ বাবে মানসকন্যা ধাবাৰ সমীপৰ এখন গ্ৰীলৰ দোকানত সোমায় ৷

হাউলীত দিন-দুপৰতে লুটিলে দুই লক্ষাধিক টকা

কিন্তু গ্ৰীলৰ দোকানৰ পৰা উভতি আহি বিল্লাল হুছেইন নামৰ যুৱকজনে গাড়ীৰ গ্লাছ ভাঙি থকা প্ৰত্যক্ষ কৰি টকাৰ মোনাখন বিচাৰ-খোচাৰ কৰে যদিও দুৰ্বৃত্তই ধনখিনি লৈ উধাও হোৱা বুলি নিশ্চিত হয় ৷ ঘটনা সন্দৰ্ভত যুৱকজনে হাউলী থানাত এজাহাৰ দাখিল কৰিছে ৷ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও ধনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

Last Updated : May 20, 2019, 8:00 PM IST

ABOUT THE AUTHOR

...view details