বৰপেটা, ১২ অক্টোবৰঃ নিষিদ্ধ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে বৰপেটা জিলা । বৰপেটা জিলাৰ বহৰি-তাৰাবাৰী আৰক্ষীৰ জালত পৰিল ব্ৰাউন চুগাৰসহ এটা ড্ৰাগছ ব্যৱসায়ী । ধৃত ড্ৰাগছ ব্যৱসায়ীটো তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ছনেট্টাৰী গাঁৱৰ ৰফিকুল ইছলাম (১৯) । বহৰি-তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ দাসৰ নেতৃত্বত শুক্ৰবাৰে নিশা অভিযান চলাই ব্ৰাউন চুগাৰসহ ড্ৰাগছ ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰে ৷
গোপন খবৰৰ ভিত্তিত ৰফিকুল ইছলামৰ বাসগৃহত নিশা অভিযান চলাই 607 গ্ৰাম নিষিদ্ধ ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে । জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ আন্তৰ্জাতিক বজাৰত আনুমানিক মূল্য ৩৫ লাখ হ'ব টকা হব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । ধৃত ৰফিকুল ইছলামৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ ৷