অসম

assam

ETV Bharat / state

এখন ভঙা দলং আৰু বিপৰ্যস্ত জনজীৱন - অগ্নিনিৰ্বাপক বাহন

কলগাছিয়াত ভঙা দলঙেৰে যাতায়ত কৰিব লগা হৈছে ৰাইজে । নিম্নমানৰ দুৰ্বল কাঠেৰে দলং নিৰ্মাণ কৰাত জহি খহি গৈছে কলগাছিয়াৰ পৰা আমগুৰিলৈ যোৱা কাঠৰ দলং। ব্যাহত হৈ পৰিছে জৰুৰীকালীন সেৱা।

Broken Wooden Bridge
এখন ভঙা দলং আৰু বিপৰ্যস্ত জনজীৱন

By

Published : May 8, 2021, 7:05 PM IST

কলগাছিয়া, 8 মে’: কলগাছিয়াৰ পি ডব্লিউ ডি আইবিৰ কাষতে থকা মৰা বেঁকী নদীৰ ওপৰত নিৰ্মিত কলগাছিয়াৰ পৰা আমগুৰি গাঁৱলৈ যোৱা জৰাজীৰ্ণ কাঠৰ দলং খনে জলা কলা খুৱাইছে ৰাইজক । প্ৰায় ৫ বছৰ পূৰ্বে নিম্নমানৰ কাঠেৰে নিৰ্মাণ কৰাৰ দলংখন ভাঙি যোৱাত দুবাৰকৈ মেৰামতি কৰা হৈছিল যদিও, এতিয়া পুনৰ জহিখহি যোৱা দলং খন আনকি, মোহাৰি দিলেই কাঠ ভাঙি যোৱা অৱস্থাত আছে । ইফালে, দলঙত বাইক বা মানুহ উঠিলেই ভূমিকম্প অহাৰ দৰে কঁপি থাকে দলংখন। তথাপি, মৰণত শৰণ দি এই দলং খনকে সাৰথি কৰিব লগা হয় ৰাইজ ।

এখন ভঙা দলং আৰু বিপৰ্যস্ত জনজীৱন

উল্লেখযোগ্য যে, দুৰ্বল দলঙেৰে কোনো জৰুৰীকালীন এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহন আদি পাৰ হ’ব নোৱাৰাৰ ফলত কান্ধত নাইবা ঠেলা ৰিক্সাৰে অনা নিয়া কৰিব লগা হয় ৰোগী । যাৰ ফলত দীৰ্ঘদিন ধৰি কলগাছিয়া, আমগুৰি আদি গাঁৱৰ হাজাৰ হাজাৰ ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে । অৱশেষত, এতিয়া নতুনকৈ কাৰ্যকাল লাভ কৰা চৰকাৰখনে শীঘ্ৰে দলংখন পকীকৰণ কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজে ৷

লগতে পঢ়ক :দিল্লীত হাইভল্টেজ বৈঠকৰ পিচতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details