বৰপেটাৰোড, 26 এপ্ৰিল : সমগ্ৰ দেশৰ লগতে ৰাজ্যত ক'ভিডৰ এক ভয়ংকৰ পৰিবেশে বিৰাজ কৰি থকাৰ সময়তে হৰ্চ-ট্ৰেডিঙৰ ভূতে খেদি ফুৰিছে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটক ৷ ইয়াৰ লগতে নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাথো পাঁচটা দিন বাকী থকা সময়ত শাসকীয় দল বিজেপিত হৰ্চ-ট্ৰেডিঙৰ আশংকাত মহাজোঁটৰ অংশীদাৰ হোৱা দল সমূহেও আৰম্ভ কৰিছে হোটেল আৰু ৰিজৰ্ট পলিটিক্স ৷
মহাজোঁটৰ অংশীদাৰ দল এ আই ইউ ডি এফৰ প্ৰাৰ্থী সকলৰ পাচতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলক হৰ্চ ট্ৰেডিং ভয়ত গুৱাহাটীৰ সোণাপুৰস্থিত দিচাং ৰিজৰ্টত আৱদ্ধ কৰি ৰখা হৈছে ৷ উল্লেখ্য যে, কটকটীয়া নিৰাপত্তা বেষ্টনীৰে কংগ্ৰেছৰ প্ৰাৰ্থী সকলক দিচাং ৰিজৰ্টত ৰখাৰ পাচতে বৰ্তমান প্ৰাৰ্থীসকলক নিজ নিজ সমষ্টিলৈ যাবলৈ দিয়া হৈছে বুলি এক সূত্ৰই জানিবলৈ দিছে ৷
যি কি নহওক, শেহতীয়াকৈ হৰ্চ-ট্ৰেডিঙৰ ভয়ত মহাজোঁটৰ আন এটা অংশীদাৰ দল বি পি এফৰ প্ৰাৰ্থী সকলকো বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে গোপন স্থানত আৱদ্ধ কৰি ৰাখিছে বুলি দলীয় এক সূত্ৰই জানিবলৈ দিছে ৷ সূত্ৰটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি বিপিএফৰ প্ৰাৰ্থী সকলক কিছুদিন পশ্চিমবংগৰ শিলিগুৰীৰ এখন হোটেলত আৱদ্ধ কৰি ৰাখিছিল ৷ কিন্তু আগন্তুক ২ এপ্ৰিলৰ ভোট গণনা আৰু ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিমবংগৰ পৰা 21 এপ্ৰিলত অতি গোপনে অসমলে লৈ অহা হয় প্ৰাৰ্থীসকলক ৷