অসম

assam

মাতৃৰ বুকুৰ পৰা অপহৰণ সদ্যজাত শিশু : আৰক্ষীৰ জালত এজন অভিযুক্ত !

By

Published : Sep 14, 2019, 5:42 PM IST

বৰপেটাৰ শিশু অপহৰণ লগত জড়িত এজনক গ্ৰেপ্তাৰ ৷ কিন্তু এতিয়ালৈ শিশুটোক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

সদ্যজাত শিশু অপহৰণৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ

বৰপেটা, ১৪ চেপ্টেম্বৰ :বৰপেটাত সদ্যজাত শিশু অপহৰণ সন্দৰ্ভত আৰক্ষীৰ অভিযান ৷ বৰপেটা আৰক্ষীয়ে আটক কৰিলে অপহৰণৰ সৈতে জড়িত এজন অভিযুক্তক ৷ অভিযুক্ত ব্যক্তিজনৰ নাম ইমান আলী ৷ বতমানলৈ অপহৃত শিশুটোক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

সদ্যজাত শিশু অপহৰণৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ

উল্লেখ্য যে, শুক্ৰবাৰে নিশা ঘৰৰ ভিতৰত শুই থকা অৱস্থাত নুৰুলা পাৰবিন নামৰ মাতৃ গৰাকীৰ বুকুৰ মাজৰ পৰাই সদ্যজাত শিশুটো অপহৰণ হৈছিল ৷ আটকাধীন ইমান আলীৰ স্বীকাৰোক্তি দিয়ে যে, অপহৰণৰ প্ৰধান অভিযুক্ত বাঁহমূৰাৰ হাছানুৰ আলীয়ে শিশুটো অপহৰণ কৰি তেওঁৰ হাতত নলবাৰীৰ মুকালমুৱাত এজন মানুহক বিক্ৰী কৰিবলৈ দি থৈ আহিছিল ৷ লগতে বৰ্তমান শিশুটোক বিক্ৰীৰ উদ্দেশ্যে মুকালমুৱাৰ পৰা হাজোলৈ লৈ যোৱা হৈছে বুলিও স্বীকাৰ কৰে ইমান আলীয়ে ৷ বৰ্তমানেও পলাতক আনজন অভিযুক্ত হাছানুৰ আলী ৷ আটকাধীন ইমান আলীক লগত লৈ শিশুটোক উদ্ধাৰৰ বাবে আৰক্ষীয়ে তীব্ৰতৰ কৰিছে অভিযান ৷

ABOUT THE AUTHOR

...view details