বঙাইগাঁও, ২৫ ফেব্ৰুৱাৰী:মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছৰে পৰা ৰাজ্যত তীব্ৰগতিত চলিছে ড্ৰাগছবিৰোধী অভিযান । অসম আৰক্ষীয়ে বৰ্তমানেও অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে তালাচী । বঙাইগাঁৱতো থমকি ৰোৱা নাই ড্ৰাগছ বিৰোধী অভিযান ।
বঙাইগাঁও জিলাৰ ডাঙাইগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আটক ড্ৰাগছ সৰবৰাহকাৰী । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো অভয়াপুৰী থানাৰ অন্তৰ্গত ২ নং নাম্বাৰপাৰাৰ ছাহিদুল ইছলাম বুলি আৰক্ষী সুত্ৰই প্ৰকাশ কৰিছে ।
গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ১২.৩ গ্ৰাম ড্ৰাগছসহ এখন আপাচী বাইক জব্দ কৰে । আটক কৰা সৰবৰাহকাৰীটোক সোধাপোছা অব্যাহত ৰাখিছে বিজনী আৰক্ষীয়ে।
উল্লেখ্য যে বঙাইগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ঘৰমুৱা হওতেই আটক কৰে সৰবৰাহকাৰীটোক। বঙাইগাঁৱৰ পৰা ড্ৰাগছৰ পুলিয়ে পোখাই উছন কৰাৰ সংকল্প লোৱা আৰক্ষীয়ে পৰৱৰ্তী সময়তো ড্ৰাগচ বিৰোধী অভিযান অব্যাহত ৰাখিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ।
লগতে পঢ়কঃবৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাহৰকটীয়া অধিৱেশন