বগুলামাৰী, 13 এপ্ৰিল: সোমবাৰে নিশা বৰপেটা আৰু বঙাইগাও জিলাৰ হিমান্তৱৰ্তী এলেকা মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত বগুলামাৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । প্ৰাপ্ত অভিযোগ অনুসৰি, বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বগুলামাৰী গাঁৱৰ হানিফ আলী নামৰ এজন ব্যাক্তিয়ে গাঁওখনত অনুষ্ঠিত হোৱা এক ধৰ্ম সভালৈ গৈ থকাৰ অৱস্থাত এগৰাকী যুৱতীৰ গাত হাত দিয়ে । যুৱতী গৰাকীয়ে চিঞৰ-বাখৰ কৰাত গাঁৱৰ ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ হানিফ আলীক আটক কৰাৰ উত্তম মাধ্যম সোধায় । উপস্থিত একাংশই ততাতৈয়াকৈ কলগাছিয়া আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত অৱস্থাত হানিফ আলীক উদ্ধাৰ কৰি কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰাৰ ব্যবস্থা কৰে । ইফালে অভিযুক্ত হানিফ আলীৰ শাস্তিৰ দাবীত উপস্থিত ৰাইজে সেই স্থানতে প্ৰতিবাদ সাব্যস্ত কৰে ।
আনহাতে হানিফ আলীৰ ভাতৃ আব্দুল আলিমে জানিবলৈ দিয়া মতে, এবছৰ পূৰ্বে বগুলামাৰী গাঁৱৰ ফেদ্দুছ আলী নামৰ এজন লোকে আব্দুল আলিমৰ দুটা মোবাইল চুৰ কৰি ধৰা পৰাত এটা মোবাইল ঘূৰাই দিয়ে যদিও আনটো মোবাইল ঘূৰাই নিদিয়াত ৬ এপ্ৰিলত গাঁৱৰে এটা নিৰ্বাচন কেন্দ্ৰত ফেদ্দুছ আলীক দেখা পাই মোবাইলটো ঘূৰাই বিচাৰে । ইয়াৰ দুদিন পাছতে ফেদ্দুছে পথেৰে গৈ থকাৰ অৱস্থাত আব্দুল আলিম আৰু তেওঁৰ মাতৃক পিছফালৰ পৰা লাঠীৰে আক্ৰমণ কৰে বুলি ফেদ্দুছৰ বিৰুদ্ধে অভিযোগ দিয়ে ।