অসম

assam

ETV Bharat / state

নিজ ঘৰৰ চোতালত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

বৰপেটাৰ হাউলীৰ দলাগাঁৱত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷ নিজ ঘৰৰ চোতালত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃত যুৱকজন মন্টু হৰিজন বুলি জানিব পৰা গৈছে (Body fround floating in Flood water) ।

By

Published : Jun 22, 2022, 5:34 PM IST

body fround floating in Flood water at Barpeta
নিজ ঘৰৰ চোতালত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

বৰপেটা, ২২ জুন: বৰপেটাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা (Tragic incident in Barpeta) ৷ বৰপেটাৰ হাউলীৰ দলাগাঁৱত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷ নিজ ঘৰৰ চোতালত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃত যুৱকজন মন্টু হৰিজন বুলি জানিব পৰা গৈছে (Body fround floating in Flood water) ।

নিজ ঘৰৰ চোতালত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

স্থানীয় ৰাইজৰ মতে, বিগত তিনিদিন ধৰি মৃত যুৱকজনৰ ফোন বন্ধ হৈ থকাত বুধবাৰে পাঠশালাৰ পৰা পেহীয়েকে খবৰ ল’বলৈ আহি চোতালতে উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে যুৱকজনৰ মৃতদেহ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷

উল্লেখ্য যে, মাত্ৰ দুবছৰ পূৰ্বে মৃত মন্টু হৰিজনৰ বৃদ্ধ মাতৃৰো একেটা স্থানতে বানত পৰি মৃত্যু হৈছিল । ফলত এই ঘটনাক লৈ হাউলী অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক:মহাৰাষ্ট্ৰৰ বিধায়কৰ দল হোটেলত থাকিলে আমাৰ চৰকাৰে GST পাব: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details