বৰপেটা, 22 ছেপ্তেম্বৰঃ চিৰাং আৰক্ষীৰ উপৰ্যুপৰি প্ৰহাৰত বৰপেটাৰোডৰ নিচুকাৰ সুকীয়া খাতুন নামৰ মহিলাজনী আহত হৈছিল ৷ আহত মহিলাজনীক বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও এতিয়ালৈ স্বাস্থ্যৰ উন্নতি হোৱা নাই ৷ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নেতা মনিৰুজ জামানে চিকিৎসালয়ত মহিলাগৰাকীৰ বাবে ৰক্তদান কৰে ৷
আৰক্ষীৰ নিৰ্যাতনত আহত হোৱা মহিলাক ৰক্তদান আমছু নেতাৰ - বৰপেটা
চিৰাং আৰক্ষীৰ উপৰ্যুপৰি প্ৰহাৰত বৰপেটাৰোডৰ নিচুকাৰ সুকীয়া খাতুন নামৰ মহিলাজনী আহত হৈছিল ৷ সম্প্ৰতি মহিলা গৰাকী বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে ৷
উল্লেখ্য যে, চিৰাং আৰক্ষীৰ উপৰ্যুপৰি প্ৰহাৰত বৰপেটাৰোডৰ নিচুকাৰ সুকীয়া খাতুন দুই মাহৰ অন্তঃসত্তা আছিল আৰু আৰক্ষীৰ প্ৰহাৰত গৰ্ভপাত হোৱাত মহিলা গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷ উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছিল ৷ নিৰ্যাতিত মহিলা গৰাকীৰ অত্যন্ত ৰক্তক্ষৰণ হোৱাত বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকে মহিলা গৰাকীৰ শৰীৰত ৰক্তৰ প্ৰয়োজন বুলি জনাইছিল ৷ সেইমৰ্মে আমছুৰ কেন্দ্ৰীয় সমিতিৰ নেতা মনিৰুজ জামানে বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ সুকীয়া খাতুনৰ বাবে ৰক্তদান কৰে । সম্প্ৰতি মহিলা গৰাকী বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ আনহাতে ঘটনাক কেন্দ্ৰ কৰি চিৰাং জিলাৰ আমগুৰিৰ কয়লাময়লা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ চৌধুৰী আৰু তেওঁৰ সহযোগী সকলৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষী থানাত গোচৰ পঞ্জীয়ন হৈছে । উক্ত গোচৰৰ তদন্ত অব্যাহত আছে যদিও বৰ্তমানলৈকে অভিযুক্ত আৰক্ষী বিষয়া বিনোদ চৌধুৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ অতি শীঘ্ৰে উক্ত ঘটনাৰ লগত জড়িত লোকক শাস্তিৰ দাবী কৰিছে সংগঠনটোৱে ৷ তদন্ত প্ৰক্ৰিয়াৰ অন্তত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়াহে লক্ষণীয় হ'ব ৷