বৰপেটা, ২২ ডিচেম্বৰ: উপ-নিৰ্বাচনত আশা কৰা ধৰণে ফলাফল লাভ কৰাৰ পাচত এইবাৰ নগৰ সমিতি তথা পৌৰ সভাৰ নিৰ্বাচনত বিজয়ী হোৱাৰ লক্ষ্য স্থিৰ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে । ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে দলটোৱে । মণ্ডলে মণ্ডলে দলটোৰ কৰ্মকৰ্তাৰ ব্যস্ততা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । বিজেপিৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ লগতে দলীয় কৰ্মীসকলৰ মাজত সেৱাৰ মনোভাৱ গঢ়ি তোলাৰ উদ্দেশেৰে গেৰুৱা দলটোয়ে মণ্ডলে মণ্ডলে আয়োজন কৰিছে প্ৰশিক্ষণ শিবিৰ ।
বৰপেটা নগৰ মণ্ডলতো বুধবাৰে মণ্ডল প্ৰশিক্ষণ আৰু পৰিচয় বৰ্গ শিবিৰ অনুষ্ঠিত কৰা হয়(BJP mandal traning program held in Barpeta) । ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন সদস্যই যাতে দলৰ আদৰ্শ, নীতি আৰু ইতিহাসৰ বিষয়ে অৱগত হয় আৰু লগতে চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে যাতে জানিব পাৰে, সেই উদ্দেশ্যেৰে এই প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে বৰপেটা জিলা বিজেপিৰ সাধাৰণ সম্পাদিকা নিপা কলিতাই(Nipa Kalita participated in BJP traning program) ৷ আনহাতে, বিজেপিৰ বৰপেটা জিলা সমিতিৰ সভাপতি অনিল কুমাৰ দাসে সকলো কৰ্মীকে ত্যাগৰ মনোভাৱেৰে সেৱা আগবঢ়াবলৈ আহ্বান জনায় ।