অসম

assam

ETV Bharat / state

আৰৱী ভাষাৰ বেনাৰৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ লুকাই আছে ! - আৰৱী ভাষাৰ বেনাৰ

শেহতীয়াকৈ আজমলৰ সভাত আৰৱী ভাষাৰ বেনাৰক লৈ সৰৱ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খান ৷ আৰৱী ভাষাৰ বেনাৰৰ ক্ষেত্ৰত ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত থকা বুলি সভাপতি মুক্তাৰ হুছেইন খানে মন্তব্য কৰে ৷

BJP minority president Muktar Hussain Khan reacts on Arabic Banner
আৰৱী ভাষাৰ বেনাৰক লৈ সৰৱ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খান

By

Published : Oct 11, 2020, 8:36 PM IST

বৰপেটা,11 অক্টোবৰ : বদৰুদ্দিন আজমলৰ সভাত আৰৱী ভাষাৰ বেনাৰক লৈ শনিবাৰে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানৰ সংবাদমেল সম্বোধন ৷ আৰৱী ভাষাৰ বেনাৰক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দিছে ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানে ৷

সংবাদমেলযোগে কয় যে,‘‘AIUDFৰ বিধায়কসকলক সংখ্যালঘু অঞ্চলৰ ৰাইজে পহুখেদা দিয়াৰ ফলত হতাশাগ্ৰস্ত হৈ এতিয়া তেওঁলোকে সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টিৰ প্ৰয়াস চলাইছে’’ ৷

2016ৰ নিৰ্বাচনত আজমলে অসমৰ সকলো মুছলমানক এক হোৱাৰ আহ্বান জনোৱাৰ দৰেই এইবাৰো একেই পন্থা লৈছে আজমলে ৷ ভাৰতৰ যিটো ভাষা নহয়, সেই আৰৱী ভাষাৰে ৰাজনৈতিক সভাত বেনাৰ লগাই মুখেৰে নকৈ ৰাইজক এটা বাৰ্তা দিব বিচৰা বুলি মন্তব্য কৰে মুক্তাৰ হুছেইন খানে ৷

আৰৱী ভাষাৰ বেনাৰক লৈ সৰৱ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খান

লগতে তেওঁ কয় যে, ‘‘মুছলিম ভোটত বিজেপিৰ উত্থান দেখি তেওঁলোক শংকিত হৈছে ৷ আৰৱী ভাষাৰ বেনাৰৰ ষড়যন্ত্ৰত বদৰুদ্দিন আজমলৰ সৈতে কংগ্ৰেছ দল আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা জড়িত আছে ৷ উজনি অসমত কংগ্ৰেছৰ পিক্সাৰেই নাই ৷ এইবাৰৰ নিৰ্বাচনত চিংগল ডিজিটত আহিব কংগ্ৰেছ ৷ নামনি অসমত মুছলিম ভোটৰ জৰিয়তে সাম্প্ৰদায়িক স্থিতিৰে কংগ্ৰেছে আসন ল’ব বিচাৰিছে’’ ৷

আনহাতে,যিদিনাই আজমল আৰু কংগ্ৰছ এক হৈছে সিদিনাই 2021ৰ নিৰ্বাচনত বিজেপিৰ চৰকাৰ নিশ্চিত হোৱা বুলিও তেওঁ মন্তব্য কৰে ৷ ‘‘কংগ্ৰেছ আৰু আজমলে বিজেপিলৈ যোৱা মুছলিম ভোটক বাধা দিবৰ বাবে সাম্প্ৰদায়িক কাৰ্ড খেলিছে ৷ কংগ্ৰেছৰ মূল টাৰ্গেট কেৱল মুছলিম ৷ সকলো জনগোষ্ঠীৰ পৰা কংগ্ৰেছ বাহিৰ হৈ গৈছে ৷ কংগ্ৰেছ-এ আই ইউ ডি এফে সমাগত নিৰ্বাচনত চিংগল ডিজিটলৈ নামিবলগীয়া পৰিস্থিতিৰ বাবেই এইদৰে আৰৱী ভাষাৰ বেনাৰ ব্যৱহাৰ কৰিছে’’ ৷

এনে কাৰ্যই শান্তি সম্প্ৰীতি বিনষ্ট কৰিব আৰু এনে কাৰ্য বন্ধ কৰিবলৈ তেওঁ সংবাদমেলযোগে সকীয়নি প্ৰদান কৰে ৷

লগতে পঢ়ক:কৰ্মীৰ পদত্যাগৰ বাবে হাগ্ৰামা মহিলাৰী দায়ী: প্ৰমোদ বড়ো

ABOUT THE AUTHOR

...view details