বৰপেটা, ১৬ ডিচেম্বৰ :শেহতীয়াকৈ ৰাজ্যত পুনৰ কা’ বিৰোধী আন্দোলনৰ প্ৰাসংগিকতাক লৈ সৰৱ হৈছে এচাম দল, সংগঠন তথা প্ৰভাৱ গোষ্ঠী ৷ বিশেষকৈ, কৃষি আইন বাতিল (Repeal of farm laws) কৰিবলৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত প্ৰকাশ কৰাৰ পিছতে ৰচনা হৈছে এই নতুন পৰিৱেশৰ ৷ মূলত 2016 ৰ পৰাই আৰম্ভ হোৱা কা’ আন্দোলনে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপ পাইছিল 2019 চনৰ শেষ ভাগৰ পৰা 2020 চনৰ প্ৰথম ভাগলৈ(Anti CAA movement in Assam) ৷
অৱশ্যে, কৰ’ণা মহামাৰীৰ সময়ত স্তিমিত হৈছিল এই আন্দোলন ৷ ইয়াৰ পিছতে কা’ আন্দোলনৰ পটভূমিত গঠিত হোৱা আঞ্চলিক ৰাজনৈতিক দল সমূহেও মুখ ঠেকেছা খাইছিল 2021 চনৰ বিধান সভা নিৰ্বাচনত ৷ পুনৰ শাসনলৈ আহিছিল কা’ৰ পোষকতা কৰা বিজেপি চৰকাৰ ৷ কিন্তু শেহতীয়াকৈ পুনৰ ৰচিত হোৱা কা’ আন্দোলনমূখী পৰিৱেশক লৈ এইবাৰ যেন চিন্তিত হোৱা নাই বিজেপি চৰকাৰ ৷
বৃহস্পতিবাৰে শাসকীয় দলটোৰ প্ৰভাৱশালী মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ এটা ভাষ্যত যেন সেই কথাই পোহৰলৈ আহিল ৷