জনীয়া,11 মাৰ্চ: ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ বৰপেটা জিলাৰ জনীয়া সমষ্টিতো বিজেপি নেতা-কৰ্মীয়ে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী তৎপৰতা ৷ বৃহস্পতিবাৰে জনীয়া সমষ্টিৰ কলগাছিয়াস্থিত বিজেপিৰ কাৰ্যালয়ত এখন সভা আহ্বান কৰি শক্তিশালী নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰে বিজেপিয়ে । সভাৰ অন্তত দলটোৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সম্পাদক তথা জনীয়া সমষ্টিৰ বিজেপি দলৰ অন্যতম শক্তিশালী প্ৰাৰ্থিত্ব প্ৰত্যাশী শ্বাহিদুল ইছলামে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ইছলামে কয় যে, ‘‘যি সকলে মিঞা মিউজিয়াম বিচাৰে, মিঞা কবিতাৰ পোষকতা কৰে, তেওঁলোকৰ ভোট বিজেপিক নালাগে, আমি অসমীয়া আৰু আমাক অসমীয়াৰ ভোট লাগে । নেতা গৰাকীয়ে জনীয়া সমষ্টিৰ বিভিন্ন সমস্যা সমাধান সম্পৰ্কে কোৱাৰ উপৰিও যোৱা 70 বছৰে নোহোৱা উন্নতি সমষ্টিত বিজেপিৰ বিধায়ক হ’লে 5 বছৰতে হৈ সম্ভৱ উঠিব বুলি মন্তব্য আগবঢ়ায় ।