বৰপেটা, ১৯ ফেব্ৰুৱাৰী: অসমীয়া সংস্কৃতি আৰু লৌকিক বিবাহ অনুষ্ঠানৰ সৈতে বহু বছৰৰ পৰা জড়িত হৈ আছে বিয়ানামৰ পৰম্পৰা । অসমীয়া সমাজ জীৱনত সুৰীয়া বিয়ানামবোৰে বিবাহ অনুষ্ঠানক এক বিশেষ মাত্ৰা প্ৰদান কৰে । কিন্তু লাহে লাহে এই বিয়ানামৰ পৰম্পৰা নাইকীয়া হব ধৰিছে অসমীয়া সমাজ জীৱনত । সেয়ে বিয়ানামৰ পৰম্পৰা ধৰি ৰখাৰ বাবে মুখ্যমন্ত্ৰীৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত সাংস্কৃতিক সঞ্চালকালয়ে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে বৰপেটা জিলাৰ গজিয়া গাঁত ১৫ দিনীয়া বিয়ানাম প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিছে ।
বৰপেটাৰ গজিয়াত বিয়ানামৰ কৰ্মশালা - গজিয়া সত্ৰৰ নাৰায়ণ দাস ঠাকুৰ আতা মহিলা নাম দল
বৰপেটাৰ গজিয়াত অসমীয়া সমাজৰ অন্যতম পৰম্পৰাগত বিয়ানামৰ কৰ্মশালা আয়োজন কৰা হয় । কৰ্মশালাত অঞ্চলটোৰ বহু যুৱতী-মহিলাই অংশগ্ৰহণ কৰে । প্ৰশিক্ষক হিচাপে উপস্থিত থাকে লোকশিল্পী নকুল দাস আৰু কবিন দাস ।
গজিয়া সত্ৰৰ নাৰায়ণ দাস ঠাকুৰ আতা মহিলা নাম দলৰ সহযোগত বৃহস্পতিবাৰে আৰম্ভ হোৱা বিয়ানাম কৰ্মশালাখনত অঞ্চলটোৰ মহিলাসকলে অংশগ্ৰহণ কৰে । সত্ৰীয়া সংস্কৃতিৰ সাধক তথা লোকশিল্পী নকুল দাস আৰু কবিন দাসে প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰা কৰ্মশালাত অঞ্চলটোৰ যুৱতী আৰু বোৱাৰীসকলক অংশগ্ৰহণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে ৷ ইফালে হেৰাই যাব ধৰা বিয়ানামক ধৰি ৰখাৰ বাবে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনাই প্ৰশিক্ষক আৰু উপস্থিত ৰাইজে ।
লগতে পঢ়ক:মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ বিক্ষোভ