বৰপেটা,১৪ এপ্ৰিলঃ ৰঙালীৰ ৰঙেৰে ভৰুণ হৈ আহিল প্ৰাণৰ উছৱ, যৌৱনৰ উছৱ, জাতীয় উৎসৱ ৰঙালী বিহু ৷ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে অতীজৰে পৰাই পালন কৰি আহিছে বিহু উৎসৱ ৷ বড়ো, ৰাভা, দেউৰী, সোণোৱাল-কছাৰী, কোচ ৰাজবংশী আদিকে ধৰি ৰাজ্যখনত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ জীৱনৰ সৈতে বিহু সম্পৰ্কিত হৈ আছে ৷ অসমৰ জাতীয় উৎসৱ বিহু ৰাজ্যখনৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলেও পালন কৰি আহিছে ৷ বৰপেটাৰ কয়াকুছিৰ সংখ্যালঘু সম্প্ৰদায়ৰ সংখ্যালঘু যুৱতীসকল এতিয়া ব্যস্ত হৈ পৰিছে বিহু নাচৰ কৰ্মশালাত ৷ অসমৰ বাপতি সাহোন ব'হাগৰ বিহুটিত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ এইসকল যুৱতী তথা কিশোৰীয়ে কঁকাল ঘূৰাই নাচিবলৈ এইদৰে ভাগ লৈছে বিহু নাচৰ কৰ্মশালাত ৷
সম্প্ৰীতিৰ নিদৰ্শনেৰে কয়াকুছিত ৰঙালীৰ আয়োজন - পহিলা ব'হাগ
পহিলা ব'হাগৰ পৰা বৰপেটাৰ কয়াকুছিত বিহু উদযাপন কৰিব সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে
বৰপেটাত জাতি-ধৰ্ম নিৰ্বিশেষে বিহু নৃত্যৰ প্ৰশিক্ষণ
ইফালে পহিলা ব'হাগৰ পৰা কয়াকুছিত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব ৰঙালী বিহু ৷ বিভিন্ন বিহু দলৰ লগতে কয়াকুছিৰ বিহুত ভাগ ল’ব মঞ্জু বৰা, আছুৰ সম্পাদক লুৰীণজ্যোতি গগৈ, আমছুৰ নেতৃবৃন্দৰ লগতে অসমৰ বহুকেইগৰাকী বিখ্যাত বিহুৱা বিহুৱতীৰ লগতে কেইবাটাও বিহু দলে । সাহিত্যিক ইছমাইল হুছেইনৰ উদ্যোগত সংখ্যালঘুসকলে আয়োজন কৰা ৰঙালী বিহুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সমূহ ৰাইজক আহ্বান জনাইছে ইছমাইল হুছেইনে ৷