পাঠশালা,22 মাৰ্চ:বজালী জিলাৰ ভৱানীপুৰ সমষ্টিত সোমবাৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত ডেকাই নিৰ্বাচনী প্ৰচাৰ চলায় ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে গাঁৱে-গাঁৱে সোমাই ভোটাৰ ৰাইজৰ কাষ চাপিছে ৷ এশ এবুৰি সমস্যাৰে জৰ্জৰিত ভৱানীপুৰ সমষ্টিৰ ভোটাৰ ৰাইজেও অগপ প্ৰাৰ্থী ৰঞ্জিত ডেকাক আদৰি লোৱা পৰিলক্ষিত হৈছে ৷
ভৱানীপুৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত ডেকাৰ নিৰ্বাচনী প্ৰচাৰ - মিত্ৰজোঁটৰ প্ৰাৰ্থী
বজালীৰ ভৱানীপুৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত ডেকাই গাঁৱে গাঁৱে সোমাই নিৰ্বাচনী প্ৰচাৰ চলায় ৷
ভবানীপুৰত গাঁৱে গাঁৱে গৈ অগপ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ
ৰঞ্জিত ডেকাই সমষ্টিটোৰ উন্নয়নৰ বাবে বান সমস্যাৰ সমাধানৰ লগতে ভৱানীপুৰ সমষ্টিত এখন কৃষি বিশ্ববিদ্যালয়, শীতল ভঁৰাল, শিশু প্ৰকল্প, ক্রীড়া প্ৰকল্প আৰু সাংস্কৃতিক প্ৰকল্প স্থাপন কৰাৰ কথা উল্লেখ কৰে ৷ তেওঁ লগতে ৰাইজক ভৱানীপুৰক বজালী জিলাৰ এটা মহকুমা হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে ৷
লগতে পঢ়ক :মন্ত্রী হিমন্ত বিশ্বক কমলাক্ষ দে পুৰকায়স্থৰ এয়া কিহৰ চেলেঞ্জ ?