অসম

assam

বৰপেটাৰোডৰ শ্ৰীহিন্দী হাইস্কুলৰ HSLC ৰ ফলাফলে হাহাকাৰ লগাইছে ছাত্ৰ-ছাত্ৰীৰ মাজত

By

Published : Jul 31, 2021, 8:26 AM IST

বৰপেটাৰোডৰ শ্ৰী হিন্দী হাইস্কুলৰ মুঠ ৩৯ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মাত্ৰ দুজন শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৩৭ জনকৈ ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হোৱাত বিদ্যালয়খনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

বৰপেটাৰোডৰ শ্ৰীহিন্দী হাইস্কুলৰ HSLC ৰ ফলাফলে হাহাকাৰ লগাইছে ছাত্ৰ-ছাত্ৰীৰ মাজত
বৰপেটাৰোডৰ শ্ৰীহিন্দী হাইস্কুলৰ HSLC ৰ ফলাফলে হাহাকাৰ লগাইছে ছাত্ৰ-ছাত্ৰীৰ মাজত

বৰপেটাৰোড, 31 জুলাই : শুকুৰবাৰে ঘোষিত হাইস্কুল (HSLC) আৰু হাই মাদ্ৰাছাৰ ফলাফলক লৈ বৰপেটাৰোডৰ এখন বিদ্যালয়ত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বৰপেটাৰোডৰ (BARPETA RODE) শ্ৰী হিন্দী হাইস্কুলৰ মুঠ ৩৯ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মাত্ৰ দুজন শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৩৭ জনকৈ ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হোৱাত বিদ্যালয়খনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ উল্লেখযোগ্য যে, ক’ৰণা মহামাৰীৰ বাবে এইবাৰ ৰাজ্য চৰকাৰে পৰীক্ষা অনুষ্ঠিত নকৰি বিদ্যালয় প্ৰধান শিক্ষকৰ (HEADMASTER) পৰা ছাত্ৰ-ছাত্ৰীৰ মূল্যায়নৰ নম্বৰ লৈ ফলাফল ঘোষণা কৰিছে ছেবাই (SEBA) ৷

ইপিনে বৰপেটাৰোডৰ শ্ৰীহিন্দী হাইস্কুলৰ এনে অবাঞ্চিত ফলাফলক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ছাত্ৰ-ছাত্ৰী (STUDENT) আৰু অভিভাৱক সকলৰ মাজত ৷ এনে অবাঞ্চিত ফলাফলৰ বাবে জগৰীয়া কৰিছে শ্ৰীহিন্দী হাইস্কুলৰ প্ৰধান শিক্ষক সংকেত তিৱাৰীক ৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিযোগ যি দুগৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে সেই দুগৰাকীয়ে বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে টিউচন কৰিছিল কাৰণে প্ৰধান শিক্ষক সংকেত তিৱাৰীয়ে উত্তীৰ্ণ কৰাই দিছে ৷ ইয়াৰে উত্তীৰ্ণ হোৱা এগৰাকী শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ প্ৰি-মেট্ৰিক পৰীক্ষাতো অৱতীৰ্ণ হোৱা নাছিল বুলি অভিযোগ তুলিছে অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলে ৷

বৰপেটাৰোডৰ শ্ৰীহিন্দী হাইস্কুলৰ HSLC ৰ ফলাফলে হাহাকাৰ লগাইছে ছাত্ৰ-ছাত্ৰীৰ মাজত

তেনেক্ষেত্ৰত কিহৰ ভিত্তিত সেইগৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হ’বলৈ পালে বুলিও প্ৰশ্ন উত্থাপন কৰিছে অনুত্তীৰ্ণ শিক্ষাৰ্থী সকলে ৷ শ্ৰী হিন্দী হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলে এনে অবাঞ্চিত ফলাফলৰ বাবে ক্ষুদ্ধ হৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ পুনৰ মূল্যায়ন কৰিবলৈ দাবী জনাইছে ৷

ইপিনে বিদ্যালয়ৰ এনে অবাঞ্ছিত ফলাফল কি কাৰণত হ’বলৈ পালে বুলি বিদ্যালয়ৰ প্ৰধান শিক্ষকক প্ৰশ্ন কৰাত বিদ্যালয়ৰ প্ৰধান শিক্ষক সংকেত তিৱাৰীয়ে কয়, কৰ’ণা মহামাৰীৰ বাবে বিদ্যালয়ত পাঠদান হোৱা নাছিল ৷ নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ইউনিট টেষ্ট আৰু ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষাৰ ফলাফল মূল্যায়ণ কৰিবলৈ ছেবালৈ প্ৰেৰণ কৰা হৈছিল ৷ কি ধৰণে নম্বৰ প্ৰদান কিদৰে সেইটো ছেবাইহে নিৰ্ধাৰণ কৰিছে বুলি উল্লেখ কৰি এইক্ষেত্ৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকে কোনো ধৰণৰ অসৎপন্থাৰ আশ্ৰয় লোৱা নাই বুলি উল্লেখ কৰে ৷

একেদৰে বিদ্যালয়খনত অনলাইন পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও ছাত্ৰছাত্ৰীৰ স্মাৰ্ট ফোন নাই বুলি মন্তব্য প্ৰধান শিক্ষক সংকেত তিৱাৰীৰ ৷ শিক্ষাৰ্থী সকলে ঘৰতো অধ্যয়ন কৰা নাছিল যাৰফলত উত্তীৰ্ণ হোৱা নাই বুলি বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰাহে দেখিবলৈ পোৱা গ’ল ৷

লগতে পঢ়কঃ সুশান্ত বৰগোঁহাইৰ বিজেপি গমনে হাহাকাৰ লগাইছে শিৱসাগৰ জিলা কংগ্ৰেছত

ABOUT THE AUTHOR

...view details