অসম

assam

ETV Bharat / state

'ফ্লিপকাৰ্ট'ত অৰ্ডাৰ দিছিল জোতা; কিন্তু লাভ কৰিলে ছোৱালীৰ জিনচ চাৰ্ট - বৰপেটা জিলা

'ফ্লিপকাৰ্ট'ত অনলাইন শ্ব'পিং কৰি বিপদত যুৱক ৷ জোতাৰ সলনি লাভ কৰিলে ছোৱালীৰ সাজপাৰ ৷

barpeta-youth-at-risk-by-shopping-online-on-flip-kart
'ফ্লিপকাৰ্ট'ত অৰ্ডাৰ দিছিল জোতা; কিন্তু লাভ কৰিলে ছোৱালীৰ জিনচ চাৰ্ট

By

Published : Dec 23, 2020, 5:39 PM IST

Updated : Dec 23, 2020, 7:20 PM IST

জনীয়া, 23 ডিচেম্বৰ : আপুনি অনলাইন শ্ব'পিং কৰি ভাল পায় নেকি ? যদি আপুনি অনলাইন শ্ব'পিং কৰে তেতিয়াহলে এতিয়াৰ পৰা সাবধান হওঁক ৷ কিয়নো অনলাইন শ্ব'পিং কৰি ৰামঠগন খালে বৰপেটা জিলাৰ এজন যুৱকে ৷

'ফ্লিপকাৰ্ড'ত অৰ্ডাৰ দিছিল জোতা; কিন্তু লাভ কৰিলে ছোৱালীৰ জিনচ চাৰ্ট

ঘটনাৰ বিৱৰণ অনুসৰি, 'ফ্লিপকাৰ্ট' ৰ পৰা কলগাছিয়াৰ বামুনটাৰীৰ ৰকিবুল ইছলাম নামৰ এজন যুৱকে এযোৰ জোতা অৰ্ডাৰ দিছিল ৷ কিন্তু যুৱকজনে জোতাৰ সলনি লাভ কৰিলে ছোৱালীয়ে পৰিধান কৰিব পৰা এটা জিনচ চাৰ্ট ৷ 'ফ্লিপকাৰ্ট' প্ৰতিষ্ঠানটোৰ এনেকুৱা কৰ্মই সম্প্ৰতি যুৱকজনক ক্ষোভিত কৰাৰ লগতে ৰাইজৰ মাজত হাঁহিৰ খোৰাক যোগাইছে ৷

ভুক্তভোগী গ্ৰাহকৰ মন্তব্য

লগতে পঢ়ক :আৰক্ষীৰ জালত ৰহিংগীয়া শৰণাৰ্থীৰ এটা বৃহৎ দল

Last Updated : Dec 23, 2020, 7:20 PM IST

ABOUT THE AUTHOR

...view details