অসম

assam

ETV Bharat / state

বানত উটি গ'ল কাঠৰ দলংঃ এতিয়া ৰাইজক লাগে পকী দলং - হাউলী

বানত উটি যোৱা দলংখনৰ চিগা অংশটো সাময়িকভাৱে মেৰামতি কৰি যাতায়াত উপযোগী কৰি তোলাৰ লগতে মৰা বেকী নৈৰ ওপৰত থকা কাঠৰ দলঙখনৰ পৰিৱৰ্তে পকীকৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে ৷

barpeta-wooden-bridge-story
বানত উটি গ'ল কাঠৰ দলং, পকীকৰণৰ দাবী ৰাইজৰ

By

Published : Sep 1, 2020, 7:01 PM IST

বৰপেটা, ১ ছেপ্টেম্বৰঃ বৰপেটা জিলাৰ হাউলীৰ সমীপৰ হাজীপাৰা নুনমাটি অঞ্চলৰ কেবাখনো গাঁৱৰ ৰাইজক কাঠৰ এখন দলঙে ভোগাইছে দূৰ্ভোগ ৷ নুনমাটি গাঁৱৰ মৰা বেকী নৈৰ ওপৰত থকা কাঠৰ এই দলংখনৰ ওপৰেৰে অহা-যোৱা কৰিব লাগে কেবাখনো গাঁৱৰ লোকে ৷ ইপিনে যোৱাটো বানত দলং খনৰ এটা অংশ উটি যোৱাৰ ফলত বাঁহৰ সাঁকো নিৰ্মাণ কৰি দলং খনৰে কোনোমতে যাতায়াত অব্যাহত ৰাখিছে গাঁওবাসীয়ে ৷ যিটো সময়ত ৰাজ্য চৰকাৰে যাতায়াত ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত পথ দলং আদি পকীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে, তেনে সময়তে হাউলী চহৰৰ সমীপৰ হাজীপাৰা নুনমাটি অঞ্চলৰ কাঠৰ এই দলংখনৰ বাবেই যাতায়াতৰ ক্ষেত্ৰত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ কেবাখনো গাঁৱৰ লোকে ৷

বানত উটি গ'ল কাঠৰ দলং, পকীকৰণৰ দাবী ৰাইজৰ

বানত উটি যোৱা দলংখনৰ চিগা অংশটো সাময়িকভাৱে মেৰামতি কৰি যাতায়াত উপযোগী কৰি তোলাৰ লগতে মৰা বেকী নৈৰ ওপৰত থকা কাঠৰ দলঙখনৰ পৰিৱৰ্তে পকীকৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : সংৰক্ষণৰ অভাৱ জহি-খহি গৈছে 800 বছৰীয়া কীৰ্তিচিহ্ন

ABOUT THE AUTHOR

...view details