অসম

assam

ETV Bharat / state

খহনীয়া প্ৰতিৰোধৰ বাবে বৰপেটা জিলা আয়ুক্তক স্মাৰক পত্ৰ তৃণমূল কংগ্ৰেছৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰ চেঙাতো ব্ৰহ্মপুত্ৰৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে । যিকোনো মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব ঐতিহাসিক ডক্ৰেশ্বৰ দেৱালয় ।

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 3:22 PM IST

Severe erosion of the Brahmaputra in Barpeta
ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া অব্য়াহত

ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া অব্য়াহত

বৰপেটা, ৫ ডিচেম্বৰ :বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বিভিন্ন অঞ্চলত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া অব্য়াহত । গৰাখহনীয়াত জাহ যাবলৈ ওলাইছে ঐতিহাসিক ডক্ৰেশ্বৰ দেৱালয় । বৰপেটাৰ চেঙা সমষ্টিত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ সমস্যা সমাধানৰ বাবে বৰপেটা জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰে বৰপেটা জিলা তৃণমূল কংগ্ৰেছে । জিলাখনৰ দক্ষিণ প্ৰান্তৰ ডক্ৰেশ্বৰ গাঁৱত স্বৰ্গদেউ শিৱ সিংহৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা ঐতিহাসিক ডক্ৰেশ্বৰ দেৱালয়ত ব্ৰক্ষ্মপুত্ৰৰ গৰাখহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে ।

যদি গৰাখহনীয়াৰ কোনো ব্যবস্থা চৰকাৰে গ্ৰহণ নকৰে তেনেহ'লে যিকোনো মুহূৰ্তত ঐতিহাসিক ডক্ৰেশ্বৰ দেৱালয় ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব । ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থানৰ পৰা এতিয়া মাত্ৰ ৫০ মিটাৰ দুৰত্বত আছে ডক্ৰেশ্বৰ দেৱালয় । তদুপৰি ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াই অঞ্চলটোৰ বিভিন্ন কাৰ্যালয়, স্বাস্থ্য কেন্দ্ৰ, বিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বহু পৰিয়াললৈ ভাবুকি আনিছে । সেয়েহে ৰাইজ আতংকিত হৈ পৰিছে । ৰাইজৰ এই বিপন্ন সময়ত গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ দিবলৈ বৰপেটা জিলা আয়ুক্তৰ জড়িয়তে চৰকাৰলৈ আহ্বান জনাইছে বৰপেটা জিলা তৃণমূল কংগ্ৰেছে ।

ৰাইজে এই প্ৰসংগত অভিযোগ উত্থাপন কৰি কয় যে চৰকাৰ তথা জলসম্পদ বিভাগে আজিলৈকে খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । সেয়েহে এনে খহনীয়া পৰিদৰ্শন কৰি প্ৰতিৰোধৰ সুব্যৱস্থা কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে নৈপৰীয়া ৰাইজে । আনহাতে, ইয়াৰ সমান্তৰালভাৱে জিলাখনৰ চেঙা সমষ্টিৰ ৰৌমাৰী, বৰভিঠা, বহৰি আদিতো চলিছে ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া । এনেদৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত থাকিলে অচিৰেই অসমৰ মানচিত্ৰৰ পৰা কেইবাখনো গাঁও নিশ্চিহ্ন হ'ব ।

লগতে পঢ়ক:AIDMK ৰ অন্তৱৰ্তীকালীন সাধাৰণ সম্পাদকৰ বাবে শশীকলাই জনোৱা আবেদনক খাৰিজ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details