বৰপেটা, ১ ফেব্ৰুৱাৰী: সোমবাৰে বৰপেটা আৰক্ষীয়ে আটক কৰিলে চোৰ ছাহজাহান আলীক । চুৰি বিদ্যাত পাকৈত ছাহজাহানে দুমাহ পূৰ্বে বাছেৰে যাত্ৰা কৰাৰ সময়ত নিজকে হেণ্ডিমেন বুলি পৰিচয় দি এগৰাকী যাত্ৰীৰ পৰা 1 লাখ টকা লুটি নিছিল । হাউলীৰ ফজল আলী নামৰ এজন শিক্ষকগৰাকীয়ে এটা বেগত টকাখিনি আনিছিল । ছাহজাহানে কৌশলেৰে টকাসহ বেগটো লৈ উধাও হয় ।
সোমবাৰে বৰপেটা চহৰত আৰক্ষীয়ে ছাহজাহনক আটক কৰাৰ পিছতে পোহৰলৈ আহিছে ছাহজাহান আলীৰ পূৰ্বৰ সকলো চুৰিকাৰ্যৰ কথা ৷ আৰক্ষীয়ে জনোৱা মতে, ছাহজাহান আলী নামৰ এই গভাইত চোৰটোৱে পূৰ্বে বৰপেটা আৰু হাউলী থানাৰ পৰা আৰক্ষীৰ চকুত ধূলি দি দুবাৰকৈ পলায়ন কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু চুৰিকাণ্ড সংঘটিত কৰা আৰক্ষীৰ টোপনি নোহোৱা কৰা ছাহজাহান আলী এতিয়া ৰঙাঘৰৰ আলহী ৷