অসম

assam

ETV Bharat / state

সত্ৰীয়া পৰম্পৰাৰে মেজি প্ৰজ্বলন বৰপেটা সত্ৰত - বৰপেটা সত্ৰৰ টুপৰ চোতাল

ব্যতিক্ৰমী সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত পালন কৰা হ'ল মাঘ বিহুৰ পৰম্পৰা ৷ সত্ৰখনৰ টুপৰ চোতালৰ বিৰিণাৰে সজা মেজিৰ জুই প্ৰদক্ষিণ কৰিলে একাংশ ভক্তই ৷

মেজি প্ৰজ্বলন বৰপেটা সত্ৰত
মেজি প্ৰজ্বলন বৰপেটা সত্ৰত

By

Published : Jan 16, 2020, 4:26 PM IST

বৰপেটা, 16 জানুৱাৰীঃলোক সংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিৰ সংমিশ্ৰণত সত্ৰ নগৰী বৰপেটাত ভোগালী বিহু এক স্বকীয় ৰূপত পালন কৰি অহা হৈছে ৷ সত্ৰীয়া সংস্কৃতিৰ সংযম আৰু নামৰ প্ৰভাৱে সামৰি লৈছে ভোগৰ উৎসৱ ভোগালী বিহুৰ দৰে লৌকিক উৎসৱকো ৷ বৰপেটা সত্ৰত মাঘৰ পহিলা তাৰিখটো বৰদোমাহী হিচাপে পালন কৰা হয় ৷ পুহৰ 29 তাৰিখে উৰুকা পালন কৰাৰ পাচত 1 মাঘৰ পুৱা সত্ৰৰ নৈমিত্তিক প্ৰসংগৰ পিচত পূৰ্বৰে পৰা চলি অহা ৰীতিৰে সত্ৰৰ টুপৰ চোতালত বিৰিণাৰে সজা মেজিত অগ্নি সংযোগ কৰা হয় ৷ পুহৰ সংক্ৰান্তিৰ পৰা 4 মাঘলৈ বৰপেটা সত্ৰত পাঁচ দিনীয়াকৈ মাঘৰ দোমাহী পালন কৰা হয় ৷ উল্লেখ্য যে,সত্ৰীয়া ৰীতি অনুসৰি বৰপেটা সত্ৰৰ টুপৰ চোতালত মেজি প্ৰজ্বলন কৰাৰ পিচতহে সত্ৰ নগৰীখনৰ হাটীয়ে হাটীয়ে সজা মেজি সমুহ প্ৰজ্বলন কৰা হয় ৷

সত্ৰীয়া পৰম্পৰাৰে মেজি প্ৰজ্বলন বৰপেটা সত্ৰত

ABOUT THE AUTHOR

...view details