অসম

assam

ETV Bharat / state

যানবাহন আইন উলংঘনকাৰীৰ পৰা জৰিমনা আদায় বৰপেটা আৰক্ষীৰ - বৰপেটা চহৰ

যানবাহন আইন উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ বৰপেটা আৰক্ষীৰ । শুকুৰবাৰে বৰপেটা(BARPETA) চহৰত যানবাহন আইন উলংঘা কৰা চালকসকলক জৰিমনা বিহে যানবাহন আৰক্ষীয়ে ৷

BARPETA POLICE IMPOSED FINE ON TRAFFIC RULES VIOLATOR
যানবাহন আইন উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ বৰপেটা আৰক্ষীৰ

By

Published : Jun 18, 2021, 2:16 PM IST

বৰপেটা, ১৮ জুন: প্ৰয়োজন হ'লে জৰিমনা আদায় দিবলৈ সাজু আছে, তথাপি চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়ম মানিবলৈ প্ৰস্তুত নহয় একাংশ বাহন চালক ৷ বৰপেটা চহৰতো সততে চালকসকলে যানবাহন আইন উলংঘা কৰাতো স্বাভাৱিক ঘটনালৈ পৰিণত হৈছে । সেয়ে, শুকুৰবাৰে বৰপেটা(BARPETA) চহৰত যানবাহন আইন(TRAFFIC RULES) উলংঘা কৰা চালকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে ।

যানবাহন আইন উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ বৰপেটা আৰক্ষীৰ

দীৰ্ঘদিন ধৰি বৰপেটা চহৰৰ যান-জঁট সমস্যাৰ সমাধান হিচাপে বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰি আহিছিল আৰক্ষীয়ে ৷ কিন্তু প্ৰশাসনৰ নীতি-নিয়মৰ প্ৰতি কোনো ভ্ৰক্ষেপ নকৰা একাংশ লোকে এই নীতি-নিৰ্দেশনাসমূহ উলংঘন কৰি অহা পৰিলক্ষিত হৈছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত এনে লোকসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি বৰপেটা আৰক্ষীয়ে আইন উলংঘা কৰা চালকসকলক জৰিমনা বিহে ৷

উল্লেখ্য যে, বৰপেটা আৰক্ষীয়ে চহৰখনৰ ব্যস্ত পথত বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল । কিন্তু প্ৰতিদিনে একাংশ চালকে এই নিয়ম উলংঘা কৰি আহিছে । চহৰখনৰ ব্যস্ত পথত আৰক্ষীয়ে No Entry লগাইছিল যদিও সেইয়া অৰ্থহীন হৈ পৰে ৷ অৱশেষত শুকুৰবাৰে আৰক্ষীয়ে এই চালকসকলক জৰিমনা বিহাৰ লগতে অনাগত দিনবোৰত যানবাহন আইন মানি চলিবলৈ ৰাইজক সতৰ্ক কৰি দিয়ে ।

লগতে পঢ়ক:নাৰায়ণপুৰৰ ৰাধাপুখুৰীত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details