অসম

assam

By

Published : Jun 10, 2020, 3:18 AM IST

ETV Bharat / state

পাৰিয়ালসহ কোৱাৰেণ্টাইন বৰপেটাৰ সাংসদ আব্দুল খালেক

পৰিয়াল সহ কোৱাৰেণ্টাইন বৰপেটাৰ সাংসদ আব্দুল খালেক বৰপেটাৰোডৰ প্ৰশান্তি ল'জত কোৱাৰেণ্টাইন হৈ আছে সাংসদগৰাকী ৷

Abdul Khaleque quarentine at barpeta
Abdul Khaleque quarentine at barpeta

বৰপেটাৰোড 9 জুন : পৰিয়াল সহ কোৱাৰেণ্টাইন হ'বলগীয়া হৈছে বৰপেটাৰ সাংসদ আব্দুল খালেক ৷ সাংসদগৰাকী তেওঁৰ চাৰিজনীয়া পৰিয়াল সহ মঙলবাৰে দিল্লীৰ পৰা ৰাজধানী এক্সপ্ৰেছ যোগে আহি বঙাইগাঁৱত উপস্থিত হয় ৷ Covid-19ৰ বাবে চৰকাৰী নিয়ম মতে বাহিৰৰ পৰা অসমলৈ আহিলে যিহেতু কোৱাৰেণ্টাইন হ'ব লাগে, সেয়ে বৰপেটা জিলা প্ৰশাসনে বৰপেটাৰ সাংসদ গৰাকীক কোৱাৰেণ্টাইন হ'বলৈ প্ৰশান্তি ল'জৰ কোঠালি আৱন্টন দিয়ে ৷

পাৰিয়ালসহ কোৱাৰেণ্টাইন বৰপেটাৰ সাংসদ আব্দুল খালেক

বৰ্তমান বঙাইগাঁৱৰ পৰা বৰপেটাৰোডৰ প্ৰশান্তি ল'জত কোৱাৰেণ্টাইন কেন্দ্ৰত ভৰ্তি হৈছে সাংসদ আব্দুল খালেক ৷ সাংসদ আব্দুল খালেকৰ সৈতে তেওঁৰ আঢ়ৈ বছৰীয়া কন্যা,চাৰে পাঁচ বছৰীয়া পুত্ৰ সন্তানৰ লগতে পত্নীও কোৱাৰেণ্টাইন হ'বলগীয়া হৈছে ৷

লগতে পঢ়ক :

ABOUT THE AUTHOR

...view details