অসম

assam

ETV Bharat / state

দুৰ্যোগৰ মাজতে দীপাৱলীলৈ আতচবাজী প্ৰস্তুত বৰপেটাৰ শিল্পীৰ - বৰপেটাৰ আতচবাজী

বৰপেটাৰ ঐতিহ্যক জীয়াই ৰখাৰ স্বাৰ্থতেই পলমকৈ হ’লেও আতচবাজী প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে বৰপেটাৰ থলুৱা আতচবাজী শিল্পীসকলে ৷ বিগত বছৰবোৰৰ তুলনাত এইবেলি আতচবাজী প্ৰস্তুতৰ ক্ষেত্ৰত অধিক সমস্যাৰ মুখামুখি হ’বলগীয়া হৈছে শিল্পটোৰ সৈতে জৰিত লোকসকল ৷ বিশেষকৈ এইবেলি ক’ৰনাৰ বাবে বজাৰখনৰ কথা চিন্তা কৰি বহু দেৰিকৈ আতচবাজী প্ৰস্তুতৰ কাম আৰম্ভ কৰা হৈছে ৷ ক’ৰণাত আতচবাজী শিল্পটোৰ ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছে যদিও চৰকাৰে কোনো ধৰণে সহায়ৰ হাত আগবঢ়োৱা নাই ৷

barpeta fireworks industry
barpeta fireworks industry

By

Published : Nov 9, 2020, 4:18 PM IST

বৰপেটা, ৯ নবেম্বৰ : পোহৰৰ উৎসৱ দীপাৱলীৰ আকাশ পোহৰাবলৈ ইতিমধ্যে সাজু হৈ উঠিছে বৰপেটাৰ ঐতিহ্যপূৰ্ণ থলুৱা আতচবাজী শিল্প ৷ বিভিন্ন ধৰণৰ আতচবাজী প্ৰস্তুতৰ কামত ব্যস্ত হৈ পৰিছে থলুৱা কাৰু শিল্পীসকল ৷ দীপাৱলীৰ আকাশ পোহৰাবলৈ বৰপেটাৰ কাৰুশিল্পীসকল এতিয়া দিনে নিশাই ব্যস্ত হৈ আছে কলগছ, মতা, আছমান গোলা, চেৰেকী, মতাৰ গছ, চকলেট বম, হাজাৰ পাট্টাকে আদি কৰি বিভিন্ন আতচবাজী প্ৰস্তুতৰ কামত ৷

দীপাৱলী লৈ আতচবাজী প্ৰস্তুত

বিগত বছৰবোৰৰ তুলনাত এইবেলি আতচবাজী প্ৰস্তুতৰ ক্ষেত্ৰত অধিক সমস্যাৰ মুখামুখি হ’বলগীয়া হৈছে শিল্পটোৰ সৈতে জৰিত লোকসকল ৷ বিশেষকৈ এইবেলি ক’ৰনাৰ বাবে বজাৰখনৰ কথা চিন্তা কৰি বহু দেৰিকৈ আতচবাজী প্ৰস্তুতৰ কাম আৰম্ভ কৰা হৈছে ৷ ক’ৰনাত আতচবাজী শিল্পটোৰ ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছে যদিও চৰকাৰে কোনো ধৰণে সহায়ৰ হাত আগবঢ়োৱা নাই ৷ উদ্যোগ বিভাগেও ব্যৱস্থা কৰা নাই ক’ৰনাত ক্ষতিগ্ৰস্ত উদ্যোগটোক ৷ বৰপেটাৰ ঐতিহ্যক জীয়াই ৰখাৰ স্বাৰ্থতেই পলমকৈ হ’লেও আতচবাজী প্ৰস্তুতৰ কাম আৰম্ভ কৰাৰ পিচত এতিয়া দিনে নিশাই আতচবাজী প্ৰস্তুতৰ কামত ব্যস্ত হৈ আছে কাৰু শিল্পীসকল ৷

ঐতিহ্য জীয়াই ৰখাৰ চেষ্টা বৰপেটাবাসীৰ

সত্ৰনগৰী বৰপেটাৰ ঐতিহ্যপূৰ্ণ থলুৱা শিল্পটো বচাই ৰখাৰ বাবে অশেষ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে শিল্পটোৰ সৈতে জড়িত পৰিয়াল সমুহে ৷ ১৮৮৫ চনত বৰপেটাৰ পাঠক বংশৰ লক্ষী পাঠকে আৰম্ভ কৰিছিল এই আতচবাজী শিল্পটো ৷ বিভিন্ন সমস্যা আৰু প্ৰতিকূলতাক নেওচি বৰপেটাৰ পাঠক বংশৰ নৱ প্ৰজন্মই শিল্পটো জীয়াই ৰখাৰ চেষ্টাত ব্ৰতী হৈ আছে ৷ কলকতাৰ পৰা চৰা দামত কেঁচামাল আমদানি কৰিব লগা হৈছে যদিও তাৰ তুলনাত বৰপেটাৰ আতচবাজীৰ মূল্য বঢ়াব পৰা নাই ৷

ক’ভিডৰ বাবে সীমিত সংখ্যক আতচবাজী নিৰ্মাণ

চীনা সামগ্ৰীৰ লগতে শিবকাশী আদিৰ সামগ্ৰীৰ সৈতে ফেৰ মাৰি বজাৰ দখল কৰাৰ স্বাৰ্থতেই নিম্নতম মূল্যত আতচবাজী বিক্ৰী কৰি আছে শিল্পীসকলে ৷ চৰকাৰে শিল্পটোলৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে সুলভ মূল্যত স্থানীয়ভাৱে কেঁচামাল যোগান ধৰিলে বৰপেটাৰ এই থলুৱা শিল্পটো বচাই ৰখাত সহায় হ’লহেতেন ৷

শতিকা প্ৰাচীন বৰপেটাৰ আতচবাজী শিল্পই নিজৰ ঐতিহ্য আৰু গৰিমা বহন কৰি আহিছে যদিও শিল্পটোৰ উন্নয়ন আৰু বিকাশৰ বাবে নাই ৰাজ্য চৰকাৰৰ তিলমানো আন্তৰিকতা ৷ যাৰ জ্বলন্ত প্ৰমাণ বৰপেটাৰ আতচবাজী গাঁও ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে বৰপেটাৰ থলুৱা উদ্যোগটোৰ উন্নয়নৰ বাবে বৰপেটাৰ গণককুছিত ৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিছিল বৰপেটা আতচবাজী গাঁও ৷ পূৰ্বৰ তৰুণ গগৈৰ কংগ্ৰেছ চৰকাৰে গণককুছিত ত্ৰিশ বিঘা মাটিকালিত নিৰ্মাণ কৰা আতচবাজী গাঁওখন ৰাজ্যৰ উদ্যোগ বিভাগৰ উদাসীনতাৰ বাবেই বিগত পাচ বছৰে প্ৰয়োজনীয় সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে ৷

বৰপেটাৰ আটচবাজী

বৰপেটাৰ থলুৱা আতচবাজী শিল্পটো জীয়াই ৰখা বৰপেটা চহৰৰ শিল্পী পৰিয়ালসমুহক আতচবাজী গাঁওখনত সংস্থাপিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে নিৰ্মান কৰিছিল আতচবাজী গাঁওখন ৷ তৰুণ গগৈ চৰকাৰৰ কাৰ্যকলৰ শেষৰটো বছৰত নিৰ্মাণ সম্পূৰ্ণ হোৱা আতচবাজী গাঁওখন মুকলি কৰাৰ সৌভাগ্য নহ'ল গগৈ চৰকাৰৰ ৷ কংগ্ৰেছ চৰকাৰে নিৰ্মাণ কৰা আতচবাজী গাঁওখন বিগত পাচ বছৰে এনেদৰেই মুকলি নকৰাকৈয়ে বাধ্য হৈ শিল্পী সকলে ব্যৱহাৰ কৰি আছে ৷ ৰাজ্য চৰকাৰে ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ বাবে যিমানেই ঢাক ঢোল নবজাওক কিয়, সেয়া যে মাথোঁ ফুটুকাৰ ফেনহে সেই কথা প্ৰতিপন্ন হৈছে ৷ উদ্যোগ বিভাগে কি কাৰণত বিগত পাঁচবছৰে গাঁওখন মুকলি নকৰিলে সেয়াহে গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷

থলুৱা আতচবাজী

লগতে পঢ়ক :হীৰেন গোঁহাই প্ৰমুখ্যে বাওঁপন্থী বুদ্ধিজীৱীৰ বিৰুদ্ধে NIA নিয়োগৰ আহ্বান

ABOUT THE AUTHOR

...view details