অসম

assam

ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ: উপন্যাস সম্ৰাটৰ স্মৃতি বিজড়িত স্থান সংৰক্ষণৰ উদ্যোগ বৰপেটা প্ৰশাসনৰ - initiative to preserve howly british bunglow

অসমীয়া উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ (Rajanikanta Bordoloi)ৰ স্মৃতি বিজড়িত ঐতিহাসিক স্থান সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে বৰপেটা জিলা প্ৰশাসন ৷ উপন্যাস সম্ৰাটগৰাকীৰ স্মৃতি বিজড়িত বৰ্তমানৰ বৰপেটা জিলাৰ হাউলী চহৰৰ সমীপৰ হালাপাকুৰী গাঁৱত সেই সময়ৰ বৃটিছ চৰকাৰে স্থাপন কৰা এটি ঐতিহাসিক ডাক বঙলা থকা ঠাইখিনি সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে বৰপেটা প্ৰশাসন ৷

initiative to preserve memories of upanyash samrat rajanikanta bordoloi
উপন্যাস সম্ৰাটৰ স্মৃতি বিজড়িত স্থান সংৰক্ষণৰ উদ্যোগ বৰপেটা প্ৰশাসনৰ

By

Published : Sep 11, 2021, 8:02 PM IST

বৰপেটা , 11 ছেপ্টেম্বৰ :ইটিভি ভাৰতত সবিস্তাৰে প্ৰতিবেদন প্ৰকাশ হোৱাৰ পাচতে অসমীয়া উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ (Rajanikanta Bordoloi)ৰ স্মৃতি বিজড়িত ঐতিহাসিক স্থান সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে বৰপেটা জিলা প্ৰশাসন ৷ উপন্যাস সম্ৰাটগৰাকীৰ স্মৃতি বিজড়িত ঐতিহাসিক ঠাইখিনি বেদখলকাৰীৰ কৱলত পৰা সন্দৰ্ভত সবিস্তাৰে বাতৰি প্ৰকাশৰ পাচতে ঘটনাৰ বুজ লোৱাৰ বাবে বৰপেটা জিলা উপায়ুক্তগৰাকী হাউলীত উপস্থিত হয় ৷

উল্লেখ্য যে, বৰ্তমানৰ বৰপেটা জিলাৰ হাউলী চহৰৰ সমীপৰ হালাপাকুৰী গাঁৱত সেই সময়ৰ বৃটিছ চৰকাৰে স্থাপন কৰা এটি ঐতিহাসিক ডাক বঙলাত বহি মাটিৰ হাকিম ৰজনীকান্ত বৰদলৈয়ে ৰচনা কৰিছিল তেওঁৰ দ্বিতীয়খন উপন্যাস ‘মনোমতী’ ৷ মানৰ অসম আক্ৰমণ আৰু কোচ ৰজা চণ্ডী নাৰায়ন বৰুৱাৰ ৰাজ্য পতনৰ লগতে নামনি অসমত মানৰ আক্ৰমণৰ জীৱন্ত দলিল স্বৰূপ মনোমতী উপন্যাস ৰচনা কৰা বাংলোটোৰ সম্প্ৰতি চিনমোকাম নাই যদিও, বৃটিছৰ দিনৰ বাংলোটো থকা ঠাইখিনি সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে বৰপেটাৰ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষাল ৷

উপন্যাস সম্ৰাটৰ স্মৃতি বিজড়িত স্থান সংৰক্ষণৰ উদ্যোগ বৰপেটা প্ৰশাসনৰ

বৃটিছে নিৰ্মাণ কৰা ডাক বঙলাটো আজি অনাদৃত তথা পৰিত্যক্ত যদিও বৃটিছৰ দিনতে নিৰ্মাণ কৰা দুই-এটি ঘৰে এতিয়াও ডাক বঙলাটোৰ স্মৃতি সজীৱ কৰি ৰাখিছে ৷ সংৰক্ষণৰ অভাৱত ডাক বঙলাটো নিশ্চিহ্ন হৈ যোৱাৰ পাচত সম্প্ৰতি ঐতিহাসিক ডাক বঙলাৰ মাটিত চলিছে অবৈধ বেদখল ৷ এই সন্দৰ্ভত 10 আগষ্টত ইটিভি ভাৰতত সবিস্তাৰে এক বাতৰি প্ৰকাশ হৈছিল ৷

এই সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ পাচতে বৰপেটাৰ জিলা উপায়ুক্তগৰাকী হাউলীত উপস্থিত হৈ বাংলোটো থকা স্থানখিনি পৰিদৰ্শন কৰি মাটিখিনি বেদখলমুক্ত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা হাতত লোৱা হ'ব বুলি জানিবলৈ দিয়ে ৷ হাউলীৰ জীৱন্ত দলিল স্বৰূপ উক্ত স্থানখিনি কিদৰে সংৰক্ষণ কৰিব পাৰি সেই বিষয়ে পৰৱৰ্তী সময়ত ৰাইজৰ সৈতে আলাপ আলোচনাৰে আগবঢ়া হ'ব বুলি জিলা উপায়ুক্তগৰাকীয়ে মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক :সময়ৰ সোঁতত বিলীন হ’ব নেকি মনোমতীৰ জন্মস্থান ?

ABOUT THE AUTHOR

...view details