অসম

assam

ETV Bharat / state

বৰপেটাৰ পহুমাৰা নৈৰ মাজত ওলমি আছে দুখনকৈ কাঠৰ দলং

শিক্ষা,স্বাস্থ্য আৰু যাতায়তৰ সুবিধাৰ পৰা বঞ্চিত বৰপেটাৰ পহুমাৰা, কাঁহিবাৰী, তেতলাৰবালা, আগমন্দিয়া আদিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজ ৷ কাঠৰ দলং দুখন মেৰামতি কৰাৰ বাবে বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসক আহ্বান ৷

barpeta broken road
বৰপেটাৰ পহুমাৰা নৈৰ মাজত ওলমি আছে দুখনকৈ কাঠৰ দলং

By

Published : Oct 31, 2020, 1:35 PM IST

বৰপেটা, ৩১ অক্টোবৰঃপথহীন নৈৰ মাজত ওলমি আছে দুখনকৈ দলং, নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিছিল দলঙৰ দুয়োটা মুৰ আৰু পথৰ বৃহৎ অংশ ৷ বান গ'ল যদিও পথতো নিৰ্মাণৰ নাই কোনো বিভাগীয় তৎপৰতা ৷ পৰিৱৰ্তণকামী চৰকাৰখনৰ 5বছৰীয়া কাৰ্য্যকাল শেষ হ'বৰ হ'ল ৷ কিন্তু আজিলৈ বৰপেটা বিধানসভা সমষ্টিৰ পহুমাৰা নদীৰ ওপৰত থকা এই দুখন দলঙৰ কাম কৰা নহ'ল ৷ অঞ্চলটোৰ পহুমাৰা, কাঁহিবাৰী, তেতলাৰবালা, আগমন্দিয়া আদিকে ধৰি কেইবাখনো গাঁৱৰ লোকে যাতায়াতৰ ক্ষেত্ৰত ভোগ কৰি আহিছে যমৰ যাতনা ৷

বৰপেটাৰ পহুমাৰা নৈৰ মাজত ওলমি আছে দুখনকৈ কাঠৰ দলং

এই ভগ্ন পথৰ বাবেই এতিয়া গাঁওকেইখনৰ সাধাৰণ লোকসকলে বঞ্চিত হৈছে শিক্ষা, স্বাস্থ্য আৰু যাতায়তৰ সুবিধাৰ পৰা ৷ বিশেষকৈ ৰোগী আৰু গৰ্ভৱতী মহিলাসকলক হাস্পাটাললৈ নিয়াৰ ক্ষেত্ৰত ভয়াৱহ সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ ৰাইজে ৷ এই পথ দুটাৰ লগতে কাঠৰ দলং দুখনো মেৰামতি কৰাৰ বাবে বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসক আহ্বান জনাইছে নাঙলকুৰ,পহুমাৰা, কাহিবাৰী আদি গাঁৱৰ ৰাইজে ৷


লগতে পঢ়ক:কোনো আঁচনিয়ে ঢুকি নোপোৱা বিশেষভাৱে সক্ষম এটি পৰিয়াল

ABOUT THE AUTHOR

...view details