অসম

assam

ETV Bharat / state

দূৰবীণেৰে চালে কেৱল বাঁহৰ দলঙহে দেখা পায় অসমত, কাঠৰ নহয়! - বৰপেটা সমষ্টিৰ মৈৰামাৰা গাঁও পঞ্চায়ত

বৰপেটাৰ ইটাৰভিটাত ১৫ বছৰে যাতায়তৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভোগ কৰিছে ৰাইজে ৷ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভাত কোৱাৰ দৰে অসমত 5 বছৰ পিচত দূৰবীণেৰে চালেও কাঠৰ দলং দেখা নাপাব বুলি কোৱা কথাষাৰ সঁচা অৰ্থত প্ৰমাণিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৷ কিয়নো অসমত মন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে কাঠৰ দলং নহয় খালী চকুৰে চালে হাজাৰ হাজাৰ বাঁহৰ দলং দেখা পায় এতিয়া ৷ ইয়েই প্ৰমাণ কৰিছে ৰাজ্যখনৰ বাট পথৰ উন্নয়নৰ গ্ৰাফডাল ৷

দূৰবীণেৰে চালে কাঠৰ নহয় বাঁহৰ দলঙ দেখা পায় অসমত!

By

Published : Nov 11, 2019, 1:10 PM IST

বৰপেটা, 11 নৱেম্বৰঃ বৰপেটা জিলাৰ ইটাৰভিটাত ১৫ বছৰে যাতায়তত নৰক যন্ত্ৰণা ৰাইজৰ, বৰপেটা সমষ্টিৰ মৈৰামাৰা গাঁও পঞ্চায়তৰ অন্তগৰ্ত ইটাৰভিটাত বিগত ১৫ বছৰে বান পানীয়ে খহাই নিয়াৰ ফলত পথটোৰে যাতায়ত ব্যাহত হৈ পৰিছে৷ বানত বিধ্বস্ত হোৱাৰ পিচত এই পৰ্যন্ত গড়কাপ্তানী বিভাগে পথটোৰ ছিঙা অংশৰ মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

ইটাৰভিটাত বিগত ১৫ বছৰে বাঁহৰ দলঙেৰে যাতায়াত ৰাইজৰ
উল্লেখ্য যে, ২০০৪ চনত হৈ যোৱা প্ৰলয়ংকৰী বানপানীৰ ফলত ছিঙি যোৱা অংশত পানী জমা হৈ পুখুৰী সদৃশ হৈ পৰিছিল৷ পানী জমা হোৱা অঞ্চলটোত দলঙ নথকাৰ ফলত স্থানীয় ৰাইজে বৰপেটা সমষ্টিৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ তৎপৰতাত এখন বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়াতৰ ব্যৱস্থা কৰি আহিছে যদিও পথছোৱাত এখন কাঠৰ দলং নিৰ্মাণৰ বাবে ৰাইজে দাবী জনাইছে ৷
দূৰবীণেৰে চালে কেৱল বাঁহৰ দলঙহে দেখা পায় অসমত, কাঠৰ নহয়!

ABOUT THE AUTHOR

...view details