অসম

assam

ETV Bharat / state

এপষেকতে খহিল দুই লাখ টকাৰে মেৰামতি কৰা পথ - বৰপেটা

নিশাৰ ভিতৰতে ঠিকাদাৰে পথটোৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰিছিল ৷ পথটোৰ ভগা অংশত পেভাৰ  ব্লকেৰে মেৰামতি কৰিছিল যদিও মেৰামতিৰ পিচতে পেভাৰ ব্লক সমূহ এৰাই গৈ পুনৰ বৃহৎ গাঁতৰ সৃষ্টি হৈছে পথটোত

এপষেকতে খহিল দুই লাখ টকাৰে মেৰামতি কৰা পথ

By

Published : May 12, 2019, 8:08 PM IST

বৰপেটা, ১২ মে’: বৰপেটা চহৰৰ মাজেৰে যোৱা মন্দিয়া সংযোগী গড়কাপ্তানি পথটো ঠায়ে ঠায়ে জৰাজীৰ্ণ হৈ পৰাৰ ফলত এতিয়া যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে পথচাৰী ৷ ইপিনে পথটোৰ মেটুৱাকুছি অংশত এপষেক পূৰ্বে দুই লাখ টকা ব্যয়েৰে পথটো মেৰামতি কৰিছিল বৰপেটা ৰাজ্যিক পথ সংমণ্ডলে ৷ পিছে এপষেকৰ ভিতৰতে পথটোৰ মাজত সৃষ্টি হ'ল পুনৰ বৃহৎ বৃহৎ গাঁত ৷ স্থানীয় লোকে জনোৱা মতে, নিশাৰ ভিতৰতে ঠিকাদাৰে পথটোৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰিছিল ৷ পথটোৰ ভগা অংশত পেভাৰ ব্লকেৰে মেৰামতি কৰিছিল যদিও মেৰামতিৰ পিচতে পেভাৰ ব্লক সমূহ এৰাই গৈ পুনৰ বৃহৎ গাঁতৰ সৃষ্টি হৈছে পথটোত ৷ ইয়াৰ ফলত যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে পথচাৰী ৷ উল্লেখ্য যে, ৰাইজে শীঘ্ৰে পথচোৱাৰ মেৰামতি কৰি যাতায়াত সুচল কৰি তুলিবলৈ ৰাজ্যিক পথ সংমণ্ডলক দাবী জনাইছে ৷

এপষেকতে খহিল দুই লাখ টকাৰে মেৰামতি কৰা পথ

ABOUT THE AUTHOR

...view details