অসম

assam

ETV Bharat / state

বানত ডুব গৈছে ষ্টেডিয়াম : অনুশীলনৰ পৰা বঞ্চিত খৈলুৱৈ

বৰপেটাৰ খেলপথাৰসমূহ বানত ডুব গৈ থকাৰ ফলত বৰপেটাৰ খেলুৱৈসকল বঞ্চিত হৈছে প্ৰায় চাৰি মাহ অনুশীলনৰ পৰা ৷

By

Published : Jul 17, 2020, 10:33 AM IST

barpeta-all-playground-in-under-water-in-rainy-season
বানত ডুব গৈছে ষ্টেডিয়ামঃ অনুশীলনৰ পৰা বঞ্চিত খৈলুৱৈ

ৰপেটা, 17জুলাইঃ ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ ৷ বৰ্তমান বানত জলমগ্ন হৈ আছে ৰাজ্যৰ 28 খন জিলা ৷ বানত ডুব গৈছে বৰপেটাৰ ক্ৰীড়াৰ একমাত্ৰ ষ্টেডিয়াম ৰামৰায় ষ্টেডিয়াম ৷ যাৰ বাবে বিগত প্ৰায় ৪ মাহ অনুশীলনৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে খেলুৱৈসকল ৷ ৰাজ্যৰ প্ৰায় সকলো জিলাৰ ক্ৰীড়াৰ আন্তঃগাঁঠনিৰ অবস্থা এতিয়া প্ৰায় এনেধৰণৰ ৷

বানত ডুব গৈছে ষ্টেডিয়ামঃ অনুশীলনৰ পৰা বঞ্চিত খৈলুৱৈ

বৰপেটাৰ ক্ৰীড়াক্ষেত্ৰৰ আন্তঃগাঁঠনিৰ অসুবিধাৰ মাজতো ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবলৈ সক্ষম হৈছে বৰপেটা চহৰৰ কৃষ্ণ দাস, অৰূপ দাস, অম্লানজ্যোতি দাস, ডেনিচ দাস আদি ক্ৰিকেট খেলুৱৈসকল ৷ ক্ৰিকেটৰ লগতে ক্ৰীড়াৰ আন আন ক্ষেত্ৰতো বৰপেটাৰ বিভিন্নজন খেলুৱৈ সন্মান বুটলিবলৈ সক্ষম হৈছে ৷ পিছে বৰপেটাৰ খেলপথাৰসমূহ বানত ডুব গৈ থকাৰ ফলত বৰপেটাৰ খেলুৱৈসকল বঞ্চিত হৈছে অনুশীলনৰ পৰা ৷

বানত ডুব গৈছে ষ্টেডিয়ামঃ অনুশীলনৰ পৰা বঞ্চিত খৈলুৱৈ

সেয়েহে বৰপেটাৰ খেলপথাৰসমূহ এনেদৰে বানত জলমগ্ন হৈ থকাক লৈ কৃষ্ণ দাস, অৰূপ দাস আদি ক্ৰীড়া প্ৰতিভাসমূহে ব্যক্ত কৰিছে মনৰ অসন্তুষ্টি ৷ ইপিনে বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসেও বৰপেটাৰ ৰামৰায় ষ্টেডিয়ামকে ধৰি সকলো খেলপথাৰ বানত জলমগ্ন হৈ পৰাৰ কথা স্বীকাৰ কৰাৰ লগতে বৰপেটাৰ ক্ৰীড়াৰ আন্তগাঁঠনি উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ৷ বৰপেটাকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাৰ খেলপথাৰসমুহ বানৰ সময়ত প্ৰায় পাচ মাহ পৰ্যন্ত ডুব গৈ থকা কথাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি ক্ৰীড়াৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব অসমৰ খেলুৱৈসকলৰ সাফল্য ৷

লগতে পঢ়কঃ বানৰ কৱলত ৰাজ্যৰ 27 খন জিলা

ABOUT THE AUTHOR

...view details