বৰপেটা,৩ জুলাইঃ ৰাজ্যৰ ভূমিনীতিৰ বিৰুদ্ধে অব্যাহত আছে আছুৰ প্ৰতিবাদ । শেহতীয়াকৈ অসম চৰকাৰে গ্ৰহণ কৰা ভূমি নীতিত জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা ৷ অসম চৰকাৰে গ্ৰহণ কৰা নতুন ভূমি নীতি বাতিলৰ দাবীত শুকুৰবাৰে বৰপেটা মহকুমা ছাত্ৰ সন্থাই ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ৷ খিলঞ্জীয়া বিৰোধী এনে সিদ্ধান্ত কোনো কাৰণতে মানি নোলোৱাৰ হংকাৰ দিলে সদৌ অসম ছাত্ৰ সন্থাৰ বৰপেটা জিলা সমিতিয়ে ৷
চৰকাৰৰ ভূমিনীতি, অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপেটাত আছুৰ প্ৰতিবাদ - assam government
ৰাজ্যৰ ভূমিনীতিৰ বিৰুদ্ধে আজিও অব্যাহত আছে আছুৰ প্ৰতিবাদ । শেহতীয়াকৈ অসম চৰকাৰে গ্ৰহণ কৰা ভূমি নীতিত জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা ৷ একেদৰে পেট্ৰ'ল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধেও সৰৱ হৈছে সদৌ অসম ছাত্ৰ সন্থাই ৷ চৰকাৰৰ ভূমিনীতি, অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপেটাত জিলা আছুৱে শুকুৰবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী ।
চৰকাৰৰ ভূমিনীতি, অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপেটাত আছুৰ প্ৰতিবাদ
একেদৰে পেট্ৰ'ল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধেও প্ৰতিবাদ জনালে সদৌ অসম ছাত্ৰ সন্থাই ৷ সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ বিজেপি মুৰ্দাবাদ, খিলঞ্জীয়া বিৰোধী ভূমিনীতিৰ সিদ্ধান্ত বাতিল কৰক, অসম চৰকাৰ হায় হায়, মূল্য বৃদ্ধি ৰোধ কৰক, পেট্ৰ'ল ডিজেলৰ মূল্য হ্ৰাস কৰক, আদি বিভিন্ন শ্ল'গানেৰে বৰপেটা চহৰৰ পৰিবেশ উত্তাল কৰি তোলে ।
লগতে পঢ়ক :কোভিড নহয় ডেংগু মেলেৰিয়া ত্ৰাসঃ কাৰণ জংঘলত কোৱাৰেন্টাইন 6 যুৱক