অসম

assam

ETV Bharat / state

শৌচাগাৰৰ টেংকিত ৰহস্যজনক ভাৱে মৃত্যু তিনি শ্ৰমিকৰ - জুৱেলাৰী ব্যৱসায়ী

বৰপেটা ৰোড চহৰত নিৰ্মীয়মান অট্ৰালিকাৰ শৌচাগাৰৰ টেংকিত আবদ্ধ হৈ তিনি শ্ৰমিকৰ কৰুণ মৃত্যু ৷ মৃত শ্ৰমিক তিনিজন ৰফিকুল ইছলাম, আছৰুদ্দিন আৰু আকমত আলী ৷

শৌচাগাৰৰ টেংকিত ৰহস্যজনক ভাৱে মৃত্যু তিনি শ্ৰমিকৰ

By

Published : Sep 24, 2019, 7:07 PM IST

বৰপেটা, ২৪ ছেপ্টেম্বৰঃবৰপেটা ৰোডত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ নিৰ্মীয়মান অট্টালিকাৰ শৌচাগাৰৰ টেংকিত আৱদ্ধ হৈ মৃত্যুবৰণ তিনিজনকৈ শ্ৰমিকৰ ৷ মৃত শ্ৰমিক তিনিজন হ'ল ৰংদিয়া গাঁৱৰ ৰফিকুল ইছলাম (৩৪), ভৱানীপুৰৰ মাজগাঁৱৰ আছৰুদ্দিন (৩০) আৰু হাউলী কুজাৰপীঠৰ আকমত আলী (২০) ৷ বৰপেটা ৰোড চহৰৰ ২ নং ৱাৰ্ডৰ ৰামকৃষ্ণ মিচনৰ সমীপত সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷ সুকমল কৰ্মকাৰ নামৰ জুৱেলাৰী ব্যৱসায়ীগৰাকীৰ নিৰ্মীয়মান অট্টালিকাত সংঘটিত হৈছে এই কৰুণ ঘটনা ৷

মঙলবাৰে নিৰ্মীয়মান শৌচাগাৰৰ টেংকিৰ মেৰামতিৰ কামৰ বাবে প্ৰথমে ভিতৰলৈ প্ৰৱেশ কৰিছিল এজন শ্ৰমিকে ৷ টেংকিটোৰ ভিতৰত প্ৰৱেশ কৰিয়ে শ্ৰমিকজনে ওপৰত থকা শ্ৰমিকক পোহৰৰ ব্যৱস্থা কৰিবলৈ কৈছিল ৷ কিন্তু কিছু সময় ধৰি ভিতৰত থকা শ্ৰমিকজনৰ পৰা কোনো সঁহাৰি নোপোৱাত আন এজন শ্ৰমিক টেংকিৰ ভিতৰলৈ প্ৰৱেশ কৰে ৷ ভিতৰত নামি গৈয়ে দ্বিতীয়গৰাকী শ্ৰমিকে প্ৰথমগৰাকী শ্ৰমিকক পানীত ডুবি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ দ্বিতীয় শ্ৰমিকজনে বাহিৰত থকা শ্ৰমিকক সকলক তেঁওলোকৰ উদ্ধাৰৰ বাবে ৰচী পেলাই দিবলৈ কয় ৷ ওপৰত থকা আন দুজন শ্ৰমিকে ৰচী পেলাই দিয়ে যদিও টেংকিৰ ভিতৰত থকা দ্বিতীয়গৰাকী শ্ৰমিকেও কোনো সঁহাৰি নিদিয়াত আন এজন শ্ৰমিক পুনৰ টেংকিৰ ভিতৰত প্ৰৱেশ কৰে ৷

বৰপেটা ৰোডত শৌচাগাৰৰ টেংকিত আবদ্ধ হৈ তিনি শ্ৰমিকৰ কৰুণ মৃত্যু

টেংকিৰ ভিতৰলৈ নামি গৈয়েই তৃতীয়গৰাকী শ্ৰমিকে ওপৰত থকা শ্ৰমিকজনক বাঁহ পেলাই দিবলৈ কয় যদিও কিছুসময় পিচত সেই শ্ৰমিকৰো সঁহাৰি নোপোৱাত ওপৰত ৰৈ থকা আন এজন শ্ৰমিকে চিঞঁৰ বাখৰ কৰাত ঘটনাটোক লৈ হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ লগে লগে বৰপেটা ৰোড থানাৰ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ টেংকিৰ ভিতৰত পানীত ডুব গৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে তিনিওজন শ্ৰমিকৰ মৃতদেহ ৷

উল্লেখ্য যে, টেংকিটোৰ ভিতৰত অক্সিজেনৰ অভাৱৰ বাবেই অসুস্থ হৈ পৰা শ্ৰমিক তিনিজন টেংকিটোৰ ভিতৰত থকা পানীত ডুবি মৃত্যু মুখত পৰাৰ সন্দেহ কৰিছে ৷ ইপিনে শেহতীয়াভাৱে হাউলীৰ পৰা এন ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ তিনিটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই ঘটনাক লৈ সমগ্ৰ বৰপেটাৰোড চহৰত এতিয়া গভীৰ শোকৰ ছাঁ পৰিছে ৷

ABOUT THE AUTHOR

...view details