জনীয়া, 10 এপ্ৰিল : এখন জৰাজীৰ্ণ বাহৰ সাঁকো, স্বৰাজোত্তৰ কালৰ ৭৪ বছৰ পিছতো এই ছবি সলনি নহ’ল জনীয়া সমষ্টিৰ হালধীয়া গাঁৱৰ ৷ কোনো এখন চৰকাৰৰ দিনতেই আজি পৰ্যন্ত গাঁওখনৰ মাজেৰে বৈ যোৱা পোকালাগী নদীৰ ওপৰত এখন পকী দলঙৰ নিৰ্মাণ হৈ নুঠিল । বিকল্পহীন ৰাইজে বাঁহৰ জৰাজীৰ্ণ সাঁকোৱেদি যাতায়ত কৰোতে প্ৰায়েই সন্মুখীন হয় দুৰ্ঘটনাৰ । চৰকাৰৰ গুৰুত্বহীনতাত এতিয়া চৰম অতিষ্ঠ হৈ উঠিছে বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী হালধীয়া গাঁৱৰ সৰ্বসাধাৰণ ৰাইজ । দীৰ্ঘদিন ধৰি জনপ্ৰতিনিধিক নৈ খনৰ ওপৰত এখন কাঠৰ দলং নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছে যদিও ,কোনেও কাহানিও কাণসাৰেই নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । এইক্ষেত্ৰত নতুনকৈ হ’বলগীয়া চৰকাৰ খনৰ মুখলৈ এতিয়া আশাৰে বাট চাই আছে ৰাইজে ৷
জনীয়াৰ হালধীয়া গাঁৱত মৃত্য়ুদূতৰ ৰূপত বাঁহৰ সাঁকো - পকী দলং
বাঁহৰ জৰাজীৰ্ণ সাঁকোৱেদি যাতায়ত কৰোতে বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী হালধীয়া গাঁৱৰ সৰ্বসাধাৰণ ৰাইজ প্ৰায়েই সন্মুখীন হয় অসুবিধা তথা দুৰ্ঘটানাৰো ৷ কোনো এখন চৰকাৰৰ দিনত আজি পৰ্যন্ত এখন পকী দলঙৰ নিৰ্মাণ হৈ নুঠা গাঁওখনৰ ৰাইজে এতিয়া আশাৰে বাট চাই আছে নতুনকৈ হ’বলগীয়া চৰকাৰ খনৰ মুখলৈ ৷
জনীয়াৰ হালধীয়া গাঁৱত মৃত্য়ুদূতৰ ৰূপত বাঁহৰ সাঁকো