অসম

assam

ETV Bharat / state

বিশ্বৰ বিজ্ঞানীৰ তালিকাত উজ্বলিল অসমৰ সু-সন্তান

বিশ্বৰ 2% বিজ্ঞানীৰ তালিকাত স্থান দখল বজালীৰ সু-সন্তান আইআইটি দিল্লীৰ বৰ্তমানৰ অধ্যাপক প্ৰৱাল তালুকদাৰ ৷ এই তালিকাত আইআইটি দিল্লীয়ে 64 নম্বৰত স্থান দখল কৰা বুলি তেওঁ উল্লেখ কৰে ৷

bajali prabal talukdar in world top scientist list
বিশ্বৰ বিজ্ঞানীৰ তালিকাত উজ্বলিল অসমৰ এগৰাকী অধ্যাপক

By

Published : Nov 6, 2020, 10:35 PM IST

নিউজ ডেস্ক,6 নৱেম্বৰ : বজালী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা আইআইটি দিল্লীৰ বৰ্তমানৰ অধ্যাপক প্ৰৱাল তালুকদাৰে বজালীৰ লগতে সমগ্ৰ অসমলৈ কঢ়িয়াই আনিছে সুখবৰ ৷ বিশ্বৰ 2% বিজ্ঞানীৰ তালিকাত স্থান দখল কৰিবলৈ সক্ষম হৈছে অসম সন্তান প্ৰবাল তালুকদাৰে ৷

বিশ্বৰ বিজ্ঞানীৰ তালিকাত উজ্বলিল অসমৰ এগৰাকী অধ্যাপক

ফেচবুকযোগে এই কথা জনাই তেওঁ কয় যে, এই তালিকাত আইআইটি দিল্লীয়ে 64 নম্বৰত স্থান দখল কৰিছে ৷ আইআইটি দিল্লীৰ পৰা 8% অধ্যাপকে 2% বিজ্ঞানীৰ তালিকাত স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ আইআইটি দিল্লীৰ বাবে এইটো এটা অতি সুখবৰ ৷

বজালী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰয়াত গিৰীণ চন্দ্ৰ তালুকদাৰ আৰু পাঠশালা ছোৱালী হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ছায়া তালুকদাৰৰ জেষ্ঠ পুত্ৰ প্ৰৱাল তালুকদাৰ ৷

লগতে পঢ়ক :নতুন প্ৰজন্মক অগপৰ বিশেষ দায়িত্ব

ABOUT THE AUTHOR

...view details