নিউজ ডেস্ক, 13 জানুৱাৰী :নামনি অসমৰ শিক্ষানগৰী, নাট্যনগৰী, নিমনগৰী ৰূপে খ্যাত বজালীক পূৰ্ণকালীন জিলাৰূপে ঘোষণা কৰে ৰাজ্যপালে ৷ 12 জানুৱাৰীত ৰাজ্যপালে এই কথা ঘোষণা কৰি বজালী মহকুমাক এখন পূৰ্ণকালীন প্ৰশাসনিক জিলাৰূপে স্বীকৃতি প্ৰদান কৰে ৷ ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মনিভান্নানে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে ৷
অধিসূচনাটো ৰাজ্যৰ সকলো প্ৰশাসনিক বিভাগ আৰু জিলাসমূহ তথা মহকুমাসমূহলৈ প্ৰেৰণ কৰা হৈছে আৰু বজালী মহকুমাৰ ভিতৰত থকা চৰকাৰী কাৰ্যালয়সমূহ আগৰ দৰেই একেদৰেই কাৰ্যক্ষম হৈ থাকিব বুলি কোৱা হৈছে ৷ চৰকাৰী বিভাগসমূহৰ ক্ষেত্ৰত কোনো সালসলনি কৰা নহয় যদিও পূৰ্বৰ বৰপেটা জিলাৰ বিপৰীতে তাৰ ঠাই ল’ব বজালী জিলাই ৷
ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে বিগত বৰ্ষৰ আগষ্টত কেবিনেটে গ্ৰহণ কৰা প্ৰস্তাৱনাক অনুমতি প্ৰদান কৰি চলিত বৰ্ষৰ 12 জানুৱাৰীত বজালী মহকুমাক পূৰ্ণকালীন প্ৰশাসনিক জিলাৰূপে ঘোষণা কৰে ৷ ইয়াৰ পিচতেই ৰাজ্যত জিলাৰ সংখ্যা 34 খনলৈ বৃদ্ধি পোৱাৰ লগতে বজালী হৈ পৰে ৰাজ্যৰ নবীনতম জিলা ৷ অধিসূচনাটোত বজালী মহকুমাৰ অন্তৰ্গত সকলো অঞ্চলেই বজালী জিলাৰ অধীনলৈ আহিব আৰু জিলা মুখ্যালয় হ’ব পাঠশালাৰ মদন ৰাউতা নগৰত ৷ ইতিমধ্যে জিলাখনত 10গৰাকী প্ৰশাসনিক বিষয়া নিযুক্তি দিয়াৰ লগতে 85 টা প্ৰশাসনিক পদবীৰ সৃষ্টি কৰি প্ৰশাসনিক দিশটোৰ চোৱাচিতাৰ দায়িত্ব অৰ্পণ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷