অসম

assam

By

Published : Jun 4, 2021, 9:52 PM IST

ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে বহৰি সত্ৰলৈ

বৰপেটা জিলাৰ বহৰিত ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়া অব্যাহত । মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ স্থাপিত বহৰি সত্ৰলৈ ভাবুকি । চৰকাৰক গৰা খহনীয়া ৰোধ কৰাৰ দাবী স্থানীয় ৰাইজৰ ৷

bahari hatra under brahmaputra erision
ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে বহৰি সত্ৰলৈ

বৰপেটা, 4 জুন : বৰপেটা জিলাৰ বহৰিত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়া । ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপত নিদ্ৰা হৰিছে বহৰি সত্ৰবাসীৰ । ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱে ১৪৫৩ খ্ৰীষ্টাব্দত স্থাপন কৰা বহৰি সত্ৰলৈ । বহৰি সত্ৰৰ প্ৰায় দুশ মিটাৰ দূৰত্বত অৱস্থান কৰিছে ব্ৰহ্মপুত্ৰই ।

কোন মূহুৰ্তত ব্ৰহ্মপুত্ৰৰ মথাউৰি ভাঙি বহৰি সত্ৰকে ধৰি বহৰি বজাৰৰ লগতে বিভিন্ন অঞ্চল প্লাৱিত হ'ব তাৰ কোনো নিশ্চয়তা নাই ৷ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, অগপৰ নেতা ৰবিউল হুছেইনসহ এটি সঁজাতি দলে ।

ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে বহৰি সত্ৰলৈ

অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰে বহৰি খহনীয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে আলোচনা কৰি বিজ্ঞানসন্মতভাৱে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ কৰি মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ স্থাপিত বহৰি সত্ৰক খহনীয়াৰ কৱলৰ পৰা ৰক্ষা কৰিব লাগিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷ লগতে অচিৰেই বিভাগীয় মন্ত্ৰীয়ে খহনীয়াস্থলী পৰিদৰ্শন কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে জিতু তালুকদাৰে ।

লগতে পঢ়ক :পুনৰ বন্ধ হৈ পৰিব নেকি শৰাইঘাটৰ পুৰণি দলং ?

ABOUT THE AUTHOR

...view details