জনীয়া, 12 জানুৱাৰী :বৰপেটা জিলাৰকলগাছিয়াৰ কান্দুলিয়াত মাটিৰ দালালৰ দপদপনি । লাট মণ্ডলক বিপথে পৰিচালিত কৰি দুখীয়াৰ মাটি বেদখলৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।
কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তিতাপানী মৌজাৰ কান্দুলিয়া গাঁৱত প্ৰায় এশ বছৰীয়া দখলকৃত মাটি দালাল আৰু লাট মণ্ডলে গোপন বুজা বুজিৰে বেদখল কৰি অন্য লোকক চমজাই দিবলৈ অপচেষ্টা কৰা বুলি ভুক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰিছে । মাটিডৰাক লৈ কেইবাটাও অসামৰিক গোচৰ চলি থকাৰ মাজতেই তিতাপানী মৌজাৰ 6 নম্বৰ লাটৰ লাট মণ্ডল ফজল শ্বেখ আৰু সাওৰাচৰাৰ আব্দুল ওহাবে মাটিৰ সীমা চমজাই দিবলৈ মাপ-জোখ কৰি থকাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।
লাট মণ্ডল দুজনৰ লগতে ছাইদুল ইছলাম আৰু সোনাউল্লা নামৰ দুজন মাটিৰ দালালে মিলি 547 নং দাগৰ আশ্ৰৱ আলী, মগল হুছেইন, জয়নাল আব্দিন, আছৰ উদ্দিন আৰু আকবৰ আলীৰ দখলত থকা প্ৰায় পাঁচ বিঘা মাটি বেদখল কৰি তাত অন্য লোকক বহুৱাই দিব বিচাৰিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । উল্লেখ্য যে, কান্দুলিয়া বুলু শ্বেখৰ নামত থকা 548 নং দাগৰ ম্যাদি পট্টাৰ মাটি আৰু তয়েজ খাঁৰ নামত থকা 549 নং দাগৰ ম্যাদি পট্টাৰ মাটিখিনি একে গাঁৱৰে আতোৱাৰ ৰহমান আৰু আব্দুল জলিলক হস্তগত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷