জনীয়া,11 ছেপ্তেম্বৰ:কিছুদিন পূৰ্বে বৰপেটাৰ গণককুছি সত্ৰত গুৰু আসন জ্বলোৱা ঘটনাৰ উত্তেজনা মাৰ নৌযাওতেই পুনৰ জিলাখনৰ জনীয়া সত্ৰত সংঘটিত হৈছে অন্য এক অঘটন ৷ শুকুৰবাৰে পুৱতি নিশা জনীয়াৰ শ্ৰীশ্ৰীপুৰুষোত্তম ঠাকুৰদেৱ সত্ৰত লুটপাতৰ উদ্দেশ্যৰে প্ৰৱেশ কৰে এটা চোৰ ৷ অঞ্চলটোৰ প্ৰাতঃভ্ৰমণলৈ অহা একাংশ লোকৰ এই ঘটনা দৃষ্টিগোচৰ হোৱাত চোৰটোৰ চেষ্টা বিফল হয় ৷ ততালিকে স্থানীয় ৰাইজে চোৰটোক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷ ধৃত চোৰটো বৰপেটাৰ সৰ্থেবাৰীৰ মনোজ বড়ো বুলি জানিব পৰা গৈছে ৷
জনীয়া সত্ৰত লুটপাতৰ চেষ্টা দুৰ্বৃত্তৰ - Barpeta District
শুকুৰবাৰে পুৱতি নিশা বৰপেটা জিলাৰ জনীয়াস্থিত শ্ৰীশ্ৰীপুৰুষোত্তম ঠাকুৰদেৱ সত্ৰত লুটপাতৰ উদ্দেশ্যৰে প্ৰৱেশ কৰে এটা চোৰ ৷ অঞ্চলটোৰ প্ৰাতঃভ্ৰমণলৈ অহা একাংশ লোকৰ এই ঘটনা দৃষ্টিগোচৰ হোৱাত চোৰটোৰ চেষ্টা বিফল হয় ৷ ততালিকে স্থানীয় ৰাইজে চোৰটোক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷
ইফালে ঘটনা প্ৰসংগত জনীয়াস্থিত সত্ৰখনৰ বাসিন্দাসকলে প্ৰকাশ কৰা অনুসৰি,সাম্প্ৰদায়িক সংঘৰ্ষ ঘটোৱাৰ উদ্দেশ্যে দুগৰাকী দুস্কৃতিকাৰীয়ে এটা চোৰক জনীয়া সত্ৰ চৌহদত বলপূৰ্বকভাৱে প্ৰৱেশ কৰোৱাই উক্ত স্থান পৰিত্যাগ কৰে ৷ সেয়ে এই চুৰি কাৰ্যৰ বাবে চলোৱা চেষ্টা অতি ৰহস্যজনক বুলি মতপোষণ কৰে সত্ৰবাসীৰ লগতে অঞ্চলটোৰ সচেতন ৰাইজে ৷ কিয়নো জনীয়াত বাস কৰা লোকসকলৰ প্ৰায় 95 শতাংশই এক বিশেষ ধৰ্মৰ ৷ তাৰ ভিতৰত একাংশ লোকে সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈ অহৰহ চেষ্টা চলাই অহা বুলি অঞ্চলবাসীয়ে অভিযোগ উত্থাপন কৰে ৷ ভৱিষ্যতে অঞ্চলবাসীৰ মাজত দুস্কৃতিকাৰীয়ে সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ চেষ্টা নকৰিবলৈ সকীয়নি প্ৰদান কৰিছে স্থানীয় ৰাইজে ৷ বৰ্তমান আটকাধীন চোৰটোক আৰক্ষীয়ে ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰি প্ৰাথমিক জেৰা অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত সত্য উদঘাটন হোৱাৰ সম্ভাৱনা আছে ৷
লগতে চাওকঃগোসাইগাঁৱত শোকাবহ পথ দূৰ্ঘটনাঃ নিহত এজন