অসম

assam

ETV Bharat / state

শংকৰ মহাদেৱনৰ কন্ঠেৰে নিগৰিল অসমীয়া হোলীগীত

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী শংকৰ মহাদেৱনৰ কণ্ঠত অসমীয়া হোলীগীত (Holi geet sung by noted singer Shankar Mahadevan)৷ শিল্পীগৰাকীয়ে কণ্ঠ নিগৰোৱা প্ৰথমটো অসমীয়া গীত ইতিমধ্যে মুকলি কৰা হৈছে ৷ গীতটোৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল শিল্পীগৰাকী ৷

Shankar Mahadevan sings Holi Geet
শংকৰ মহাদেৱনৰ কন্ঠেৰে নিগৰিল অসমীয়া হোলীগীত

By

Published : Mar 15, 2022, 5:04 PM IST

বৰপেটা, ১৫ মাৰ্চ: দৌল মহোৎসৱৰ পূৰ্বে অসমবাসীলৈ সুখবৰ ৷ বৰপেটাৰ হোলীগীতৰ বিশ্বমুখী যাত্ৰা আৰম্ভ ৷ মঙলবাৰে বৰপেটাত আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী শংকৰ মহাদেৱনৰ কন্ঠত বানীবদ্ধ 'লাহে লাহে বসন্ত আহে' শীৰ্ষক এটা হোলীগীত শুভমুক্তিৰ জৰিয়তে আৰম্ভ হ'ল অসমীয়া হোলীগীতৰ বিশ্বজয়ী যাত্ৰা (Assamese Holi geet sung by noted singer Shankar Mahadevan)৷

বৰপেটাৰ হোলীগীতৰ সাধক প্ৰমথ ৰঞ্জন কন্টিৰ সুৰ আৰু কৃষ্ণা লহকৰৰ কথাৰে শংকৰ মহাদেৱনে কণ্ঠদান কৰা 'লাহে লাহে বসন্ত আহে' শীৰ্ষক এটা হোলীগীত মঙলবাৰে শুভমুক্তি দিয়া হয় ৷ বৰপেটাৰ মাংগলিকত আয়োজন কৰা উন্মোচনী অনুষ্ঠানত প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস, কবি গীতিকাৰ ধ্ৰুৱ কুমাৰ তালুকদাৰ আৰু গীতিকাৰ কুশলে বায়নে 'লাহে লাহে বসন্ত আহে' শীৰ্ষক গীতটো মুকলি কৰে ৷

শংকৰ মহাদেৱনৰ কন্ঠেৰে নিগৰিল অসমীয়া হোলীগীত

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বটদ্ৰৱাত আৰম্ভ কৰা দৌল মহোৎসৱে বৰপেটা সত্ৰত পাইছিল নৱ ৰূপ ৷ গুৰুজনাই আৰম্ভ কৰা দৌলৰ গীতৰ পৰা অম্বিকাগিৰী ৰায়চৌধুৰীৰ অসমীয়া হোলীগীতলৈ উত্তৰণৰ এই সময়ছোৱাত বৰপেটাৰ হোলীগীতে সমগ্ৰ ৰাজ্যজুৰি বিস্তাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ মাজতেই শংকৰ মহাদেৱনৰ কন্ঠত প্ৰাণ পাই উঠা বৰপেটাৰ হোলীগীতে বিশ্বজুৰি সমাদৰ লাভ কৰিব বুলিও আশা কৰা হৈছে ৷

লগতে পঢ়ক:Holi Preparation at Samaguri Satra : ফল্গু উৎসৱক লৈ উখল-মাখল পৰিৱেশ চামগুৰি সত্ৰত

ABOUT THE AUTHOR

...view details