বৰপেটা, ৬ জুলাইঃ দক্ষিণ বৰপেটাৰ আলোপতিত গড়কাপ্তানি পকী পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দূৰ্নীতি । নিম্নমানৰ কাম কৰি আঁচনিৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ ।
গড়কাপ্তানী পথ নিৰ্মাণত দূৰ্নীতিঃ প্ৰতিবাদত নামিল স্থনীয় ৰাইজ - ঠিকাদাৰ
বৰপেটাৰ আলোপতি - সুখাৰঝাৰ গড়কাপ্তানি পকী পথটো অতি নিম্ন মানৰ কাম কৰাৰ ফলত নিৰ্মাণৰ কিছু দিন পিছতেই পথটোৰ পৰা চপৰা-চপৰে খহিব ধৰে পকী কাৰপেটিং । বিষয়টো স্থানীয় ৰাইজে ঠিকাদাৰ মৃণাল দাসক অৱগত কৰিছিল যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়া বুলি অভিযোগ তোলো স্থানীয় ৰাইজে ।
বৰপেটাৰ আলোপতি - সুখাৰঝাৰ গড়কাপ্তানি পকী পথটো মেৰামতিৰ নামত প্ৰায় আঠ কৌটি টকা আৱন্তন পাইছিল মৃণালজ্যোতি দাস নাম ঠিকাদাৰ জনে । কিন্তু অতি নিম্ন মানৰ কাম কৰাৰ ফলত নিৰ্মাণৰ কিছু দিন পিছতেই পথটোৰ পৰা চপৰা-চপৰে খহিব ধৰে পকী কাৰপেটিংবোৰ । সেই লৈ স্থানীয় ৰাইজে ঠিকাদাৰ মৃণাল দাসক অৱগত কৰিছিল যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়া বুলি অভিযোগ তোলে স্থানীয় ৰাইজে । তাৰোপৰি পথটোৰ নামত আৱন্তিত সকলো ধন মোকলাই নিয়াত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ । সেই লৈ ঠিকাদাৰ মৃণাল দাসে পথটোৰ মেৰামতিৰ নামত কোটি কোটি টকা লুন্ঠন কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে । অতি শীঘ্ৰে উক্ত পথটোত সংঘটিত দুৰ্নীতি তদন্ত কৰিবলৈ বিভাগীয় কতৃপক্ষৰ লগতে প্ৰশাসনক দাবী তুলিছে স্থানীয় ৰাইজে ।
লগতে আন এটা বাতৰি - বকোৰ শাখাতিত ভয়াৱহ পথ দুৰ্ঘটনা ! নিহত 2 ছাত্ৰ-ছাত্ৰী