অসম

assam

By

Published : May 28, 2022, 9:55 PM IST

ETV Bharat / state

ড্ৰাগছৰ সমান্তৰালকৈ জুৱাৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান

নিচাজাতীয় দ্ৰব্যৰ লগতে জুৱাৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান (Assam police drive against drugs) ৷ এই অভিযানত বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান চলাই বহু অপৰাধীক আটক কৰিবলৈ সক্ষম হয় ৷ শেহতীয়াকৈ ৰাজ্যৰ ভিন্নত প্ৰান্তত চলিল জুৱা আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান (Assam police raid against drugs as well as gambling) ৷

assam-police-raid-against-drugs-as-well-as-gambling
ড্ৰাগছৰ লগতে জুৱাৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান

নিউজ ডেস্ক, 28 মে’: ৰাজ্যৰ ভিন্ন প্ৰান্তত অবাধে চলি আছে তীৰ-জুৱা খেল ৷ প্ৰত্যেক দিনাই জুৱাখেলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি আৰক্ষীয়ে ইতিমধ্যে বহু লোকক আটক কৰিছে ৷ শেহতীয়াকৈ বৰপেটা আৰক্ষীয়ে অভিযান চলাই বৰপেটাৰ পালহাজী বজাৰৰ এখন চাহ দোকানৰ পৰা 7 জনকৈ জুৱাৰীক আটক কৰে (Seven gamblers arrested by Barpeta police) ৷

চাহ দোকানখনত মুকলিকৈ জুৱাৰ আড্ডা পতা এই আটকাধীন জুৱাৰীকেইজন ছামচুল হক, আবুল কাছিম, আদমত আলী, ৰহম আলী, মতিউৰ ৰহমান, ছামুল হক আৰু ছাদুল্লা আহমেদ বুলি আৰক্ষীয়ে জনায় ৷ অৱশ্যে চাহদোকানৰ গৰাকী ছাকাইট কাজীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে আৰক্ষীয়ে ছাকাইট কাজীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷

ড্ৰাগছৰ লগতে জুৱাৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান

ইফালে, ৰাজ্যত নিচা জাতীয় অভিযান অব্যাহত থকাৰ মাজতে হোজাইত হোজাই আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, যোৱা 26 মে’ত এক গোপন সূত্ৰৰ পম খেদি ডবকা আৰক্ষীয়ে নিজ ডবকা সেৱাঘাটত অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰাৰ লগতে সন্দেহজনক হেৰ’ইন জব্দ কৰিছিল (Drugs paddler arrested by Hojai police) ৷ লগতে এখন চাৰিচকীয়া বাহনো জব্দ কৰিছিল আৰক্ষীয়ে ৷

ড্ৰাগছৰ লগতে জুৱাৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান

শুকুৰবাৰে ডবকা আৰক্ষীয়ে আটকাধীন জাকিৰ আহমেদ আৰু ফাৰুক উদ্দিন নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনক এন ডি পি এছ আইনৰ অধীনত গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰোৱাৰ লগতে অধিক সোধপোচৰ বাবে দুই দিন নিজৰ জিম্মাত লৈছিল ৷ এই ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ স্বীকাৰোত্তিৰ ভিত্তিত পুনৰ 248 গ্ৰাম পৰিমাণৰ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে (Heroin seized in Hojai) ৷ সম্প্ৰতি দুয়োকে আৰু অধিক তথ্যৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ড্ৰাগছৰ লগতে জুৱাৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান

সামন্তৰালকৈ শোণিতপুৰৰ বালিপৰাত চাৰিদুৱাৰ আৰক্ষীয়ে অভিযান চলাই হেৰ’ইন ভৰ্তি কণ্টেইনাৰ সহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে (Heroin seized in Sonitpur) ৷ এক গোপন সূত্ৰৰ পম খেদি চাৰিদুৱাৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মহিবুল আলিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই হেৰ’ইনখিনি বিক্ৰীৰ যো-জা কৰি থাকোতে জব্দ কৰে ৷

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন ইছলাম আলি আৰু ৰাহুল ইছলাম বুলি আৰক্ষীয়ে জানিব দিয়ে (Drugs paddler arrested by Chariduar Police) ৷ লগতে জব্দকৃত হেৰ’ইনখিনিৰ ওজন প্ৰায় 0.47 গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় 30 হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে জনায় ৷

লগতে পঢ়ক :Hatigaon murder case: হাতীগাঁও হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details