অসম

assam

ETV Bharat / state

কলগাছিয়াত দুটাকৈ পথ দুৰ্ঘটনা : আহত 2

উল্লেখ্য যে বাতৰি লেখা পৰলৈ মহিলাগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । স্থানীয় লোকৰ ভাষ্য অনুসৰি স্কুটি আৰোহীজনৰ বয়স ১৫ বছৰ লগতে চালকজনৰ কোনো ধৰণৰ অনুজ্ঞা পত্ৰ নাই ৷ বৰ্তমান আৰক্ষীৰ জিম্বাত চালকজন৷

By

Published : Jun 6, 2019, 12:25 AM IST

কলগাছিয়াত সংঘটিত দুটাকৈ পথ দুৰ্ঘটনাঃআহত 2

কলগাছিয়াত সংঘটিত দুটাকৈ পথ দুৰ্ঘটনাঃআহত 2

কলগছিয়া, 5 জুনঃ ঈদৰ আনন্দ-উলাহৰ মাজতে বৰপেটা জিলাত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা ৷ জিলাখনৰ জনীয়া সমষ্টিৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কৰাৰকুৰত এখন বাইকে নিয়ন্ত্ৰণ হেৰুৱাই সাফিউল ইছলাম (২০) নামৰ কালামপুৰ গাঁৱৰ যুৱক এজনক খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দুৰ্ঘটনাগ্ৰস্ত যুৱকজনক স্থানীয় ৰাইজে কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷ কিন্তু চিকিৎসকে যুৱকজনক প্ৰাথমিক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰতো হেমাহি কৰা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে ৷ পৰৱৰ্তী সময়ত যুৱকজনক উপযোক্ত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় ৷

আনহাতে, জনীয়াৰ বৰভিটা আৰক্ষী চকীৰ অন্তর্গত ৰামপুৰ খেল্লী গাঁৱৰ হাচিনা খাতুন নামৰ এগৰাকী মহিলাক AS-01-DY-1768 নম্বৰৰ টি ভি এছ ৱেগ স্কুটি এখনে সন্মুখৰ পৰা খুন্দা মৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী । স্থানীয় ৰাইজে মহিলাগৰাকীক কলগাছিয়া অসমৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, বাতৰি লেখা পৰলৈ মহিলাগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । স্থানীয় লোকৰ ভাষ্য অনুসৰি স্কুটি আৰোহীজনৰ বয়স ১৫ বছৰ আৰু চালকজনৰ কোনো ধৰণৰ অনুজ্ঞা পত্ৰ নাই ৷ বৰ্তমান আৰক্ষীৰ জিম্মাত চালকজন ৷

ABOUT THE AUTHOR

...view details