অসম

assam

ETV Bharat / state

দিল্লীয়ে উত্তৰ পূৱৰ ৰাজ্য সমূহত সমন্বয় স্থাপন হোৱাতো নিবিচাৰে: লুৰীণজ্যোতি - সভাপতি লুৰীণজ্যোতি গগৈ

অসম-মিজোৰাম সীমান্তত মিজো দুষ্কৃতিকাৰীৰ বৰ্বৰ আক্ৰমণত নিহত শ্বহীদ জোৱান নাজমূল হকৰ বৰপেটাৰ কদমগুৰিস্থিত বাসগৃহত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ৷ সীমা সমস্যাৰ সন্দৰ্ভত চৰকাৰক তীব্ৰ কটাক্ষ লুৰীণজ্যোতি গগৈৰ ৷

Assam Jatiya Parishad president Lurinjyoti Gogoi present in Kadamguri village
দিল্লীয়ে উত্তৰ পূৱৰ ৰাজ্য সমূহত সমন্বয় স্থাপন হোৱাতো নিবিচাৰে : লুৰীণজ্যোতি

By

Published : Aug 2, 2021, 3:49 PM IST

বৰপেটা, 2 আগষ্ট: যোৱা 26 জুলাইত অসম-মিজোৰাম সীমান্ত (Assam Mizoram Border)ৰ লাইলাপুৰত মিজো আৰক্ষীৰ গুলিত 6 জনকৈ অসম আৰক্ষীৰ জোৱান শ্বহীদ হ'বলগীয়া হৈছিল ৷ মিজো আৰক্ষীৰ এই বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে তথা স্থায়ী সীমা সমস্যাৰ দাবীৰে ৰাজ্যৰ বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ সমান্তৰালকৈ অসম জাতীয় পৰিষদেও (Assam Jatiya Parishad) মিজোৰামৰ এই বৰ্বৰ ঘটনাৰ তীব্ৰ গৰিহণা দিছে ৷ ইফালে দেশৰ বাবে শ্বহীদ হোৱা অসম আৰক্ষী (Assam Police)ৰ জোৱান নাজমূল হকৰ বৰপেটাৰ কদমগুৰি গাঁৱত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ(LurinJyoti Gogoi) ৷

জাতীয় পৰিষদৰ নেতাগৰাকীয়ে শ্বহীদ জোৱান গৰাকীক শ্ৰদ্ধাঞ্জলী জনোৱাৰ লগতে পৰিয়ালবৰ্গক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ দলটোৰ কেবাগৰাকীও নেতাৰ সৈতে শ্বহীদ পৰিয়ালটোত উপস্থিত হোৱা জাতীয় পৰিষদৰ নেতাগৰাকীয়ে সীমা সমস্যাৰ লগতে উপ-নিৰ্বাচন সম্পৰ্কেও সাংবাদিকৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

দিল্লীয়ে উত্তৰ পূৱৰ ৰাজ্য সমূহত সমন্বয় স্থাপন হোৱাতো নিবিচাৰে : লুৰীণজ্যোতি

তেওঁ কয় যে, উত্তৰ পূৱৰ ৰাজ্য সমূহৰ মাজত দিল্লীয়ে সমন্বয় স্থাপন হোৱাতো নিবিচাৰে ৷ তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অতি নিৰ্লিপ্ততাৰে ইচ্ছা কৰিয়েই সীমা সমস্যাটোক দীৰ্ঘ কাল ধৰি জীয়াই ৰাখিছে বুলি অভিযোগ লুৰিণজ্যোতি গগৈৰ ৷ নেডাৰ বৈঠকৰ পিচত অসমবাসীয়ে সীমা সমস্যাটোৰ স্থায়ী সমাধান আশা কৰিছিল যদিও চৰকাৰৰ ভুল নীতিৰ বাবেই এগৰাকী স্থানীয় লোকৰ লগতে ৬ জনকৈ আৰক্ষী জোৱানক হেৰুৱাবলগীয়া হ'ল বুলি ক্ষোভ প্ৰকাশ লুৰিণজ্যোতি গগৈৰ ৷

লগতে পঢ়ক -K Vanlalvena-ৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই ল’লে অসম আৰক্ষীয়ে

গোচৰ, অভিযোগ-প্ৰতি অভিযোগৰ বিপৰীতে সীমা সমস্যাৰ স্থায়ী সমাধান আৰু সাধাৰণ লোকৰ জীৱনৰ নিৰাপত্তাৰ দাবী লুৰিণজ্যোতি গগৈৰ ৷ নেডাৰ নেতৃত্বত উত্তৰ পূৱৰ ৰাজ্য সমূহত চলি থকা বিজেপি চৰকাৰৰ ক্ষতি হ'ব বুলিয়েই অসমৰ ৰাইজক সীমা সমস্যাৰ নামত পণবন্দী কৰি ৰখাৰো অভিযোগ লুৰিণজ্যোতি গগৈৰ ৷

আনকি মিজো আৰক্ষীয়ে অসমৰ ভূমিৰ তিনি কিলোমিটাৰ ভিতৰলৈকে অৱস্থান কৰি থকা বুলি দাবী কৰি অসমৰ এক ইঞ্চি মাটিও এৰি দিয়া নহ'ব বুলি মিছা কথাৰে অসমৰ ৰাইজক আভূৱা ভাৰিব বিচাৰিছে বিজেপি চৰকাৰে ৷ ইপিনে অসমৰ ৰাইজক ঋণ মুক্তিৰ লগতে কেতবোৰ মিছা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনত জয়ী হৈছে বুলি অভিযোগ তুলি উপ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ৰাইজক ঐক্যৱদ্ধ হৈ ভোটদান কৰিবলৈ আহ্বান লুৰিণজ্যোতি গগৈৰ ৷

উপনিৰ্বাচনত মৰিয়নী সমষ্টিত লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱা সম্পৰ্কত দলে সিদ্ধান্ত ল'ব বুলি ইংগিতপূৰ্ণ মন্তব্য লুৰিণজ্যোতি গগৈৰ ৷ আনহাতে এটা সমষ্টিত এজন প্ৰাৰ্থী ঠিয় কৰোৱাক লৈ জাতীয় পৰিষদে আগবঢ়োৱা প্ৰস্তাৱৰ প্ৰতি বিৰোধী দলসমূহে কিদৰে সহাৰি জনায়, তাৰ ওপৰতে উপ নিৰ্বাচনৰ ৰণকৌশল নিৰ্ণয় কৰিব বুলি মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক -মিজোৰামৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ মটক ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details